বন্দুক-গুলী লৈ কলিয়াবৰত বাহৰ পাতিছিল ৪ অস্ত্ৰধাৰীয়ে
নিউজ ডেস্ক: পুনৰ গঁড়ৰ নিধন কৰি খৰ্গ কাটিবলৈ কলিয়াবৰত ঘাটি পাতিছে নেকি চোৰাং চিকাৰী৷ জখলাবন্ধা আৰক্ষীয়ে অস্ত্ৰসহ ৪ চাৰিজন লোক গ্ৰেপ্তাৰৰ পাছতে এই প্ৰশ্ন উত্থাপন হৈছে। কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিছাৰ ২০ নং লাইনৰ পৰা নিশা জখলাবন্ধা আৰক্ষীয়ে অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে ৪ ব্যক্তিক। পৱন দাস, কেদাৰ দাস আৰু লক্ষীন্দৰ মণ্ডলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় জখলাবন্ধা আৰক্ষী৷ আটকাধীন অস্ত্ৰধাৰী ব্যক্তিকেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত অস্ত্ৰৰ যোগানধৰা মোহন তাঁতীকো আটক কৰে জখলাবন্ধা আৰক্ষীয়ে। ব্যক্তিকেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা হস্ত নিৰ্মিত বন্দুক, সজীৱ গুলী, খুকুৰী, দাঁ, কুঠাৰকে ধৰি বহু সা-সঁজুলি। দলটোক বন্য জন্তু চিকাৰ, পাহাৰৰ গছ কাটিবলৈ অহাৰ সন্দেহ প্ৰকাশ আৰক্ষীৰ। শাকমুঠিয়া চাহ বাগিছাৰ ২০ নং লাইনত নিশা গুলী ফুটোৱাৰ শব্দ শুনি স্থানীয়লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে অভিযান চলায় আটক কৰে অস্ত্ৰধাৰী ব্যক্তিকেইজনক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।