Local, Vocal, Global

যাত্ৰীবাহী বাহনত চোৰাং কাঠৰ বেহা

চিৰাঙত চোৰাং কাঠ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে বন বিভাগ আৰু আৰক্ষী যিমানেই কঠোৰ স্থিতি গ্ৰহণ কৰিছে তাৰ বিপৰীতে বনবিভাগ তথা আৰক্ষীৰ চকুত ধুলি দি নতুন-নতুন পদ্ধতি অৱলম্বন কৰি চোৰাং কাঠৰ সৰবৰাহ কাৰ্য অব্যাহত ৰাখিছে দুষ্ট চক্ৰই। শুক্ৰবাৰে নিশা চিৰাং আৰক্ষীৰ অভিযানত পোহৰলৈ আহিল এক আচৰিত পন্থাৰে কাঠ চুৰিৰ ঘটনা।

শুক্ৰবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই কাজলগাঁৱৰ সমীপৰ চোৰাং কাঠৰ ঘাটি পৰিচিত পশ্চিম বিলাসপুৰ গাঁৱৰ পৰা বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয়। নম্বৰ প্লেটবিহীন বগা ৰঙৰ যাত্ৰীবাহী টাটা উইংগাৰ বাহনৰ পৰাই আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ কাঠ। আৰক্ষীয়ে বাহনখন জব্দ কৰে যদিও বাহনখনৰ চালকজনে এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ।

উল্লেখ্য যে চিৰাঙৰ DFO কাৰ্যালয়ৰ পৰা মাত্ৰ ৪ কিলোমিটাৰ নিলগত চোৰাং কাঠৰ ব্যৱসায়ীৰ ঘাটি বুলি কুখ্যাত পশ্চিম বিলাসপুৰ গাঁৱৰ পৰা আৰক্ষীয়ে মাজে সময়ে অভিযান চলাই বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছিল।