Local, Vocal, Global

মাত্ৰ ১৫ ছেকেণ্ডত ধ্বংস হ’ব কাল কৰ’না, কিন্তু কোনেকৈ?

১৫ ছেকেণ্ডতে ধ্বংস হৈ যাব কৰ’না! সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টিকাৰী কৰ’নাক লৈ প্ৰতিদিনে সৃষ্টি হৈছে ন-ন কৌতুহল। ভাৰতৰ লগতে দেশ-বিদেশত প্ৰতিদিনে লক্ষাধিক লোক আক্ৰান্ত হৈ আছে কৰ’নাত। ভেকচিন সন্দৰ্ভত বৰ্তমানেও বিৰাজ কৰিছে অনিশ্চয়তাত। শেহতীয়াকৈ আমেৰিকাৰ এক গৱেষণাত আহিছে চাঞ্চল্যকৰ তথা। আমেৰিকাৰ University of Connecticut School of Medicineৰ গৱেষকে দাবী কৰিছে যে মাত্ৰ ১৫ ছেকেণ্ডতে কৰ’না ধ্বংস কৰা সম্ভৱ হ’ব।

কিন্তু কেনেকৈ ১৫ ছেকেণ্ডত ধ্বংস হৈ যাব কৰ’না ?

আমেৰিকাৰ গৱেষকৰ প্ৰকাশ কৰা মতে গৱেষকৰ দলটোৱে আয়োডিন প্ৰয়োগেৰে এটা পৰীক্ষা চলাইছিল। আৰু সেই পৰীক্ষাৰ অন্তত গৱেষকৰ দলটোৱে দাবী কৰিছে যে মাত্ৰ ১৫ ছেকেণ্ডতে ধ্বংস হৈছে কৰ’না ভাইৰাছ। উল্লেখ্য যে আমেৰিকাৰ গৱেষকৰ দলটোৱে পূৰ্বেই এই কথা অৱগত কৰিছিল যদিও বিশ্ব স্বাস্থ্য সংস্থাই গ্ৰহণ কৰা নাছিল।

কিন্তু এইবাৰ আমেৰিকাৰ গৱেষকৰ দলটোৱে এই তথ্য প্ৰমাণসহ গৱেষণা কৰি দেখুৱাইছে। গৱেষকৰ দলটোৱে পানীত আয়োডিন দি হাত মুখ ধুবলৈ কৈছে গৱেষকে। যদি শৰীৰত কৰ’না থাকে, তেন্তে চেনিটাইজ কৰাৰ আগতেই ধ্বংস কৰি দিব আয়োডিনে। লগতে গৱেষকৰ দলটোৱে এই প্ৰক্ৰিয়াক ভেকচিন বা ঔষধ হিচাপেও ব্যৱহাৰ কৰাৰ কথা ভাবিছে।