Local, Vocal, Global

টাইৱানৰ সকলো বন্দৰ ঘেৰাও কৰিব চীনা সেনাই

মাও চে তুঙৰ ‘লং মার্চ’ৰ পিছত টাইৱানত আশ্রয় লৈছে বিধ্বস্ত কুউমিনটাং তথা চীনৰ জাতীয়তাবাদী দলৰ সমর্থকসকলে ৷ তাৰ পিছৰ পৰা চিয়াংকাই শ্বেকৰ নেতৃত্বত নিজকে গঢ়ি তোলে এই দ্বীপ ৰাষ্ট্রখনে৷ তেতিয়াৰ পৰা টাইৱান দখলৰ বাবে চেষ্টা চলাই আহিছে ৰঙা চীনে ৷ ৰাষ্ট্রপতি ঝি জিনপিঙৰ আমোলত টাইৱানবিৰোধী আগ্রাসন অধিক বৃদ্ধি পাইছে ৷

শেহতীয়াকৈ চীনৰ আক্রমণৰ আশংকা কৰি টাইৱানৰ প্রতিৰক্ষা মন্ত্রালয়ে এক বিবৃতি প্রকাশ কৰিছে ৷ এই বিবৃতিত উল্লেখ কৰা হৈছে যে দ্বীপ ৰাষ্ট্রখনৰ সামুদ্রিক বন্দৰ তথা বিমানবন্দৰবোৰ ঘেৰাও কৰিবলৈ সক্ষম চীনৰ সেনা ৷ যদি চীনা বাহিনীয়ে এনেদৰে টাইৱানৰ বন্দৰবোৰ ঘেৰাও কৰে, তেন্তে দেশখনৰ বাবে সৃষ্টি হ’ব ভয়াৱহ পৰিস্থিতি ৷ কাৰণ সামুদ্রিক বন্দৰ আৰু বিমানবন্দৰবোৰ চীনা সেনাই ঘেৰাও কৰিলে দেশখনৰ বাবে বিভিন্ন সা–সামগ্রী, অস্ত্র, দৰব আদি আমদানি কৰা কঠিন হৈ পৰিব ৷ তেতিয়া টাইৱানৰ বাবে আত্মসমর্পণৰ বিকল্প পথ নাথাকিব ৷

অৱশ্যে আজি এই বিবৃতি প্রকাশ পোৱাৰ পিছতো টাইৱানৰ ৰাষ্ট্রপতি ছাই ইং ৱেনে টাইৱানৰ স্বাধীনতা আৰু সার্বভৌমত্বক ৰক্ষা কৰা হ’ব বুলি ঘোষণা কৰিছে ৷