Local, Vocal, Global

নগ্ন ফটো শ্বুটত কেমব্রিজৰ ৭৮ শিক্ষার্থী

মাত্র ১৫ মিনিটৰ ফটো শ্বুট ৷ তথাপি সমাজত বিশুদ্ধবাদী ধ্যান–ধাৰণা থকা বুলি জাহিৰ কৰা লোকসকলৰ চকু কপালত তুলিব এই ১৫ মিনিটৰ ফটো শ্বুটে ৷ কাৰণ কেমব্রিজ বিশ্ববিদ্যালয়ৰ বার্ষিক কেলেণ্ডাৰৰ বাবে এই ফটো শ্বুটত নগ্ন হৈ ছবি উঠিছে একাংশ শিক্ষার্থীয়ে ৷ শিক্ষার্থীসকলৰ এই ফটোৱে স্থান লাভ কৰিব বার্ষিক কেলেণ্ডাৰত ৷ এই কেলেণ্ডাৰ বিক্রীৰ ধন দান কৰা হ’ব গৃহহীন, কর্কট আক্রান্ত কিশোৰ–কিশোৰী তথা পৰিৱেশ আৰু মানসিক স্বাস্থ্য ৰক্ষাৰ কামত নিয়োজিত সংস্থাক ৷ বিশ্ববিদ্যালয়ৰ ১২টা দলৰ মুঠ ৭৮গৰাকী শিক্ষার্থীয়ে ফটো শ্বুটত অংশগ্রহণ কৰিছে ৷ এই পঢ়ুৱৈসকল শিক্ষাক্ষেত্রখনৰ উপৰি অন্য বিভিন্ন প্রতিভাৰো গৰাকী ৷ কোনোবা হয়তো এথলিট, কোনোবা আকৌ জিমনাষ্ট ৷ ইয়াৰ উপৰি আছে ৰাগ্বি আৰু নেটবল খেলুৱৈ ৷ ফটো শ্বুট কোনো ষ্টুডিঅ’ত হোৱা নাই ৷ কেমব্রিজ চহৰৰ বিভিন্ন স্থানত মুকলিকৈ এই ফটো শ্বুট কৰা হৈছে ৷ আনকি বিশ্ববিদ্যালয়ৰ প্রত্নতত্ত্ব সংগ্রহালয়ৰ সন্মুখতো ফটো শ্বুট কৰা হৈছে ৷