ক’ভিডত পিতৃ-মাতৃহাৰা হোৱা কিশোৰীৰ ভৱিষ্যৎ সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব সাদৰেৰে গ্ৰহণ কৰিছে
অসম চৰকাৰে ক’ভিডত পিতৃ-মাতৃহাৰা হোৱা কিশোৰীৰ ভৱিষ্যৎ সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব সাদৰেৰে গ্ৰহণ কৰিছে l
আৱাসিক বিদ্যালয়ত বিনামূলীয়া শিক্ষা গ্ৰহণ কৰিব পিতৃ-মাতৃহাৰা হোৱা শিশু সকলে।
আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক’ভিড মহামাৰীত পিতৃ-মাতৃহাৰা হোৱা শিশুসকলক সুবিধা প্ৰদান কৰাৰ বাবে “শিশু সেৱা আঁচনি” নামৰ এক আঁচনি উদ্বোধন কৰে।
ড০ হিমন্ত বিশ্ব শৰ্মাই এই পিতৃ-মাতৃহাৰা শিশুসকলক চেক, এফডি, লেপটপ আৰু বিভিন্ন উপহাৰৰ লগতে প্ৰমাণ পত্ৰ প্ৰদান কৰে আৰু তেওঁলোকক আজীৱন সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
অসম চৰকাৰে বঞ্চিত শিশুসকলক আৱাসিক বিদ্যালয়ত বিনামূলীয়া শিক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দি তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে।