Local, Vocal, Global

ডিম্পল হত্যাকাণ্ডৰ মূল অভিযুক্তৰ স্বীকাৰোক্তি

বুধবাৰে মহানগৰীৰ উজানবজাৰৰ ভাড়াঘৰত ১৪ বছৰীয়া কিশোৰীক নিশৃংসভাৱে হত্যাৰ কৰা হত্যাকাৰীৰ চিনাক্ত ৷ হত্যাকাণ্ডৰ ৪৮ ঘণ্টাৰ ভিতৰতেই ডিম্পল হত্যাকাণ্ডৰ হত্যাকাৰী স্বীকাৰোক্তি।
আৰক্ষীৰ জেৰাত ডিম্পক কুমাৱটৰ সম্বন্ধীয় ভাতৃ আশীষ গুপ্তাই স্বীকাৰ কৰিছে এই কথা। অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিতে উদ্ধাৰ কৰা হৈছে ডিম্পলৰ মোবাইল।

আটকাধীন আশীষৰ বন্ধুৰ বাৰোৱাৰীস্থিত বাসগৃহৰ পৰা উদ্ধাৰ হত্যাকাৰী ডিম্পলৰ মোবাইল ফোন ৷ হত্যাকাণ্ডৰে জড়িত থকাৰ সন্দেহত ৩ জনক আটক কৰিছিল মহানগৰ আৰক্ষীৰ৷
হত্যাকাণ্ডৰ ঘটনাৰ দিনাই বুধবাৰে সন্ধিয়া ৩ অভিযুক্তক আটক কৰি আনে লতাশিল আৰক্ষীয়ে ৷ ৩ অভিযুক্তৰ ওপৰত জেৰা অব্যাহত থকাৰ ভিতৰত মূল অভিযুক্ত আহিছিল আশীষ গুপ্তা ডিম্পলৰ সম্পৰ্কীয় ভাতৃ৷
আশীষ গুপ্তা ২০ দিনমান পূৰ্বে ডিম্পলৰ ঘৰত থকাকৈ আহিছিল ৷

আশীষ গুপ্তা ডিম্পলৰ মাতৃৰ জ্যেষ্ঠ ভগ্নীৰ পুত্ৰ৷ অৰ্থাৎ ডিম্পলৰ জেঠায়েকৰ পুত্ৰ৷ আশীষে হেনো ৫ লাখ টকা ঘৰৰ পৰা চুৰি কৰিছিল ৷ সেই বাবে পিতৃ-মাতৃয়ে ঘৰৰ পৰা একপ্ৰকাৰে খেদি পঠিয়াইছিল৷ তাৰ পাছত আহি ডিম্পলৰ আন এগৰাকী জেঠায়েকৰ ঘৰত থাকিবলৈ লয়৷ তাৰ পাছত আশীষে মাহীয়েক অৰ্থাৎ ডিম্পলৰ মাতৃৰ ঘৰত থাকিবলৈ লয়
২০ দিন মান পূৰ্বৰে পৰা৷

স্থানীয় লোকৰ ভাষ্য অনুসৰি হত্যাকাণ্ডৰ কথা পোহৰলৈ অহাৰ পাছত আশীষ হেনো ফাৰ্মাচীলৈ গৈছিল বেণ্ডেড কিনিবলৈ৷ আশীষৰ হাত-কাপোৰ হেনো আছিল তেজেৰে লুটুৰি পুতুৰি ৷
ঘটনাৰ দিনা পুৱা চাৰে দহ বজাত পিতৃয়ে ডিম্পলৰ মোবাইলত ফোন কৰিছিল৷ ৰিচিভ কৰিছিল আশীষে আৰু ডিম্পলে গা ধুবলৈ যোৱা বুলি কৈছিল ৷ ডিম্পলে সেই সময়ত কেতিয়াও গা নোধোৱে বাবে পিতৃৰ সন্দেহ ওপজে আশীষৰ কথাত৷

ইয়াৰোপৰি, আৰক্ষীৰ জেৰাত ডিম্পল আৰু আশীষৰ মাজত কাজিয়াৰ সৃষ্টি হয় আৰু অকলশৰে থকা অৱস্থাত ছুৰীৰে খুচি ,পটাগুটিৰে থেঁতেলিয়াই, আৰু প্ৰেছাৰ কুকাৰেৰে কোবাই নৃশংসভাৱে হত্যা কৰাৰ বুলি স্বীকাৰ কৰিছে অভিযুক্তই। এই স্বীকাৰোক্তিৰ ভিত্তিতে IPCৰ ধাৰাৰ ৩০২ৰ অধীনত 303/21নম্বৰত গোচৰ ৰুজু কৰা হৈছে । ইয়াৰ পিছতেই বৃহস্পতিবাৰে অভিযুক্তক আদালতত হাজিৰ কৰা হ’ব।