Local, Vocal, Global

পুনৰ মৃতদেহ উদ্ধাৰ, গুৱাহাটীৰ হেঙেৰাবাৰীত ডেলিভাৰী কৰ্মচাৰীৰ মৃত্যু

নিউজ ডেস্ক , ৪ মে:-গনেশগুৰিৰ হেঙেৰাবাৰীত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ। মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰৰ ঘটনা ।

মৃত্যু হোৱা লোকজন গুৱাহাটীৰ গনেশগুৰিৰ হেঙেৰাবাৰীত মাণিকনগৰৰ দীপাংকৰ বৰা বুলি জানিব পৰা যায় ।

আকস্মিক মৃত্যুক আকোৱালী লোৱা হেঙেৰাবাৰীত মাণিকনগৰৰ দীপাংকৰ বৰা ছুইগী ডেলিভাৰী কৰ্মচাৰী ৰূপে কৰ্মৰত আছিল ।

জানিব পৰা মতে,পথৰ দাতিত পৰি বহি থকা অৱস্থাততে মৃত্যু হয় লোকজনৰ পথত পৰি থকা অৱস্থাতে স্থানীয় লোকে প্রত্যক্ষ কৰে লোকজনৰ মৃতদেহ ।

ডেলিভাৰী কৰ্মচাৰী দীপাংকৰ বৰাৰ কিয় আৰু কেনেকৈ তেওঁৰ মৃত্যু হ’ল সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।

মৃত দীপাংকৰৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰে ।

বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে,আৰক্ষীৰ অন্তত হে প্ৰকৃত ঘটনা এই সম্পৰ্কে জানিব পৰা যাব।