Local, Vocal, Global

মূল্যবৃদ্ধিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেস্ক, ৭ এপ্ৰিল : মূল্যবৃদ্ধিয়ে জুৰুলা কৰি পেলাইছে সৰ্বসাধাৰণক। পেট্ৰ’লজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক হাৰত মূল্যবৃদ্ধি। পেট্ৰ’ল ডিজেলৰ লগতে ঔষধৰ দামো ব্যাপক ভাবে বৃদ্ধি হৈছে। ফলত এতিয়া জাঙুৰ খাই উঠিছে মধ্যবিত্ত শ্ৰেণীৰ লোক সকল। লগতে এনে মূল্য বৃদ্ধিৰ আঁৰত চৰকাৰৰ হিতাধিকাৰী সৃষ্টি কৰা আঁচনিকে জগৰীয়া কৰিছে সাধাৰণ লোকে।

মূল্যবৃদ্ধিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আনহাতে মূল্যবৃদ্ধি ৰোধৰ দাবীৰে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ঠাইত বিভিন্ন দল সংগঠনে প্ৰতিবাদত সাব্যস্ত কৰিছে । মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সৰ্বসাধাৰণলোকে। এইবাৰ মূল্যবৃদ্ধিৰ প্ৰসংগত মন্তব্য ৰাখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মূল্যবৃদ্ধিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাইজক কিছুদিন ধৰ্য্য ধৰিবলৈ আহ্৩মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য ‘মূল্য বৃদ্ধি হৈছে, সেয়া আমিও মানিছো। কিন্তু কিছুদিন অপেক্ষা কৰক। মোদীৰ ওপৰত বিশ্বাস ৰাখক। কেতিয়া মূল্য হ্ৰাস পাব সেয়া এই মুহূৰ্ততে ক’ব নোৱাৰিম।’