Local, Vocal, Global

হাতীগাঁও হত্যাকাণ্ডৰ গোচৰত ৪ জনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৭ এপ্ৰিল : হাতীগাঁৱৰ ৰাজ পেলেছট ৰহস্যজনক ভাবে যুৱকৰ মৃত্যু হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি তদন্ত অব্যাহত আছে হাতীগাঁও আৰক্ষীৰ। নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰি জনকৈ যুৱকক।

হাতীগাঁও হত্যাকাণ্ডৰ গোচৰত ৪ জনক গ্ৰেপ্তাৰ

উল্লেখযোগ্য যে, মৃত ধ্ৰুৱজ্যোতি ডেকাৰ বন্ধু দেৱৰাজ ছেত্ৰী আৰু বিকী কুন্ডুৰ লগতে হোটেলৰ মেনেজাৰ মফিদুল ইছলাম আৰু হোটেল খন থকা মাটিৰ মালিক ৰাজীৱ আলীক গ্ৰেপ্তাৰ হাতীগাঁও আৰক্ষীয়ে।

আনহাতে, ঘটনাৰ লগত জড়িত চাৰিওজনকে আদালতত হাজিৰ কৰাই অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে জিম্মাত বিচৰাৰ পুৰ্ণ সম্ভাৱনা। বৰ্তমানলৈকে আৰক্ষীয়ে সন্ধান লাভ কৰা নাই হোটেলত নিশা কটোৱা যুৱতীকেইগৰাকীৰ।