Local, Vocal, Global

হাইলাকান্দিত সংঘটিত গুলীয়াগুলীৰ ঘটনা, হস্তনিৰ্মিত বন্দুকসহ গ্ৰেপ্তাৰ অভিযুক্তক

নিউজ ডেস্ক, ৮ এপ্ৰিল : হাইলাকান্দি জিলাৰ বিলাইপুৰ এলেকাত সংঘটিত হৈছে গুলীয়াগুলীৰ ঘটনা । দুই প্ৰতিবেশীৰ কাজিয়াৰ পিছতে এজন প্ৰতিবেশীয়ে আনজন প্ৰতিবেশীলৈ গুলীচালনা কৰে । গুলীচালনা কৰাৰ অভিযোগতে গ্ৰেপ্তাৰ কৰে ডালিম উদ্দিন লস্কৰ নামৰ এজন ব্যক্তিক । লগতে উদ্ধাৰ এটা হস্তনিৰ্মিত বন্দুক ।

হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৰ বিলাইপুৰ এলেকাৰ পূৰ্ব বালিছেড়া গাওঁত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা । গাওঁৰ স্থানীয় বাসিন্দা মজিবুৰ ৰহমান বড়ভূঞা নামৰ ব্যক্তি গৰাকীক গুলীয়ায় তেওঁৰে প্ৰতিবেশী ডালিম উদ্দিন লস্কৰে ।

হাইলাকান্দিত সংঘটিত গুলীয়াগুলীৰ ঘটনা, হস্তনিৰ্মিত বন্দুকসহ গ্ৰেপ্তাৰ অভিযুক্তক

উল্লেখ্য যে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ এটা হস্তনিৰ্মিত বন্দুক সহ গ্ৰেপ্তাৰ কৰে ডালিম উদ্দিন লস্কৰক । সামান্য টকাৰ বাবেই দুই প্ৰতিবেশীৰ মাজত সংঘটিত হৈছে এই লোমৰ্হষক ঘটনা । অৱশেষত দুই প্ৰতিবেশীৰ মাজত গুলীয়া-গুলীৰ মাজেৰে কাজিয়াৰ অন্ত পৰিল ।

আনহাতে, অভিযুক্তৰ বিৰুদ্ধে লালা আৰক্ষী চকিত ১০৫ / ২২ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধিৰ ২৯৪, ৩২৬, ৩০৭ আৰু ইণ্ডিয়ান আৰ্মচ এক্টৰ অধীনে গুচৰ ৰজু কৰিছে আৰক্ষীয়ে । ইপিনে, আহত মজিবুৰ ৰহমান বড়ভূঞা বৰ্তমানে বিলাইপুৰ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।