Local, Vocal, Global

Chhattisgarh Assembly Elections 2023 : ছত্তিশগড়ত ভোটদানৰ মাজতে ভয়ংকৰ IED বিস্ফোৰণ

নেশ্যনেল ডেস্ক, ৭ নৱেম্বৰ : আজি ছত্তীশগড় বিধানসভা নিৰ্বাচন ৷ পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ২০ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ।

উল্লেখ্য যে, ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পিছৰে পৰা মাওবাদীয়ে ধাৰাবাহিকভাৱে উগ্ৰ ৰূপ ধাৰণ কৰি আহিছে ।

আজি পুৱা ৭বজাৰ আৰম্ভ হৈছে সুকমা জিলাত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান । ভোটদানৰ সময়তে মাওবাদীয়ে সংঘটিত কৰিছে আই ই ডি বিস্ফোৰণ । এই আই ই ডি বিস্ফোৰণত আহত হৈছে চি আৰ পি এফৰ অভিজাত ইউনিট কোব্ৰাৰ এজন জোৱান(Naxal Blast Injures CRPF Jawan On Assembly Election Duty In Chhattisgarh’s Sukma) ।

আৰক্ষীয়ে জনোৱা অনুসৰি , চি আৰ পি এফ আৰু কোব্ৰাৰ ২০৬ নং বেটেলিয়নৰ যৌথ দল এটা টণ্ডামাৰ্কা শিবিৰৰ পৰা এলমাগুণ্ডা গাঁৱৰ দিশে ৰাওনা হয় । তেনেতে কোবৰা ২০৬ নং বেটেলিয়নৰ পৰিদৰ্শক শ্ৰীকান্তই মাওবাদীয়ে সংস্থাপন কৰা এটা আই ই ডিত ভৰি দিয়ে, যাৰ ফলত বিস্ফোৰণ ঘটে আৰু জোৱানজন আহত হয়(CRPF Jawan On Poll Duty Injured In IED Blast In Sukma) ।

জানিব পৰা মতে, আই ই ডি বিস্ফোৰণ সংঘটিত হোৱা অঞ্চলটো কন্টা বিধানসভা সমষ্টিৰ অন্তৰ্গত । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অধীনত কন্টাতো ভোটগ্ৰহণ চলি আছে । ইয়াত ছত্তীশগড়ৰ মন্ত্ৰী কাৱাসী লখমাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ।

লগতে পঢ়ক :Chhattisgarh Assembly Elections 2023 : আজি ছত্তিশগড় বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ;নিৰ্ণয় হ’ব ২০টা সমষ্টিৰ ২২৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য