Local, Vocal, Global

চৰাইদেউ জিলাৰ উন্নয়ন খণ্ডসমূত দুর্নীতি জোৱাৰ উঠাৰ অভিযোগ

চৰাইদেউ জিলাৰ আটাইকেইটা উন্নয়ন খণ্ডতে উন্নয়নমূলক কামসমূহত ব্যাপক দুর্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰি চৰাইদেউ জিলাৰ উপায়ুক্তক আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সোণাৰি আঞ্চলিক ছাত্র সন্থাই। স্মাৰক পত্ৰখনিত জিলাখনৰ সাপেখাতী ৰাজহচক্রৰ অধীনৰ বেঙেনাবাৰী গাওঁ পঞ্চায়তৰ ২নং বার্ডত অৱস্থিত আহোম চুক পথটি নির্মাণৰ ক্ষেত্ৰত দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰা হৈছে। উল্লেখযোগ্য যে সংশ্লিষ্ট পথটো নির্মাণৰ বাবে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনিৰ অধীনত ২০১৭-১৮ বর্ষত ৬,৪৪,১৮,৩০০ টকা ধাৰ্য কৰি নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। কিন্তু পথটি নির্মাণৰ ক্ষেত্ৰত দায়িত্বশীল দুষ্টচক্ৰৰ দ্বাৰা ব্যাপক দুর্নীতি সংঘটিত হোৱাৰ ফলত  পথটি নিম্ন মানৰে নিৰ্মাণ হোৱাৰ লগতে আজি পৰ্যন্ত পথটোৰ কাম সম্পূর্ণ হৈ নুঠিল। সেয়েহে পথটিৰ নির্মাণত দুর্নীতিত লিপ্ত হোৱা ব্যক্তিসকলৰ বিৰুদ্ধে উচিত তদন্ত কৰি দোষী ব্যক্তিক কঠোৰ শাস্তি প্রদান কৰিবলৈ লগতে অতিশীঘ্রে পথটিৰ নির্মাণ কার্য সম্পূর্ণ কৰিবলৈ সোণাৰি আঞ্চলিক ছাত্র সন্থাই স্মাৰক পত্ৰখনিত সজোৰে দাবী উত্থাপন কৰিছে। এইক্ষেত্ৰত কাৰ্যকৰী ব্যবস্থা গ্রহণ নকৰিলে সোণাৰি আঞ্চলিক ছাত্র সন্থাই কঠোৰ গণতান্ত্রিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি স্মাৰক পত্ৰ খনিত উল্লেখ কৰিছে।