Local, Vocal, Global

চাওলুং চ্যুকাফাৰ বিৰুদ্ধে কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে সৰৱ টাই আহোম যুৱ পৰিষদ

বৰ অসম গঢ়োতা চাওলুং চ্যুকাফাৰ বিৰুদ্ধে কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে সৰৱ টাই আহোম যুৱ পৰিষদ।পশ্চিমবংগত অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা কাৰ্যৰো তীব্ৰ বিৰোধিতা সংগঠনটো।পশ্চিমবংগৰ গৰ্গ চেটাৰ্জীৰ দৰে তথাকথিত বুদ্ধিজীৱীয়ে খিলঞ্জীয়া অসমীয়া জাতিসত্বাক অপমান কৰাৰ অভিযোগ।অসমৰ জনসাধাৰণৰ মাজত থকা সম্প্ৰীতি বিঘ্নিত কৰিব বিচৰা বুলি মন্তব্য টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি লোহিত গগৈৰ।সোণাৰিৰ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিথলীত অৱস্থান ধৰ্মঘটৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিলে টাই আহোম যুৱ পৰিষদ অসমে।অসমৰ লগত সংপৃক্ত নোহোৱা ব্যক্তিয়ে ইতিহাস নজনাকৈ চাওলুং চ্যুকাফাক অপমান কৰাটো সহ্য কৰা নহ’ব বুলি মন্তব্য কৰে টাইপাৰ কাৰ্যকৰী সভাপতি লোহিত গগৈয়ে।