Watch | Chapar protest: ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে প্ৰতিবাদী বিধায়ক আৰু ৰাইজে

চাপৰ: চাপৰৰ চিৰাকুটাত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদী জনসভা।
জনসভাৰ পিছতে চিৰাকুটাত উত্তপ্ত পৰিস্থিতি।
১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে প্ৰতিবাদী বিধায়ক আৰু ৰাইজে।
নামনি অসমৰ কেইবাজন AIUDF ৰ বিধায়কৰ উপস্থিতিত অৱৰোধ কৰে ৰাষ্ট্ৰীয় ঘাইপথ ছোৱা।
চৰুৱাবাখৰা, সন্তোষপুৰ,চিৰাকুটাত চলোৱা উচ্ছেদৰ বিৰুদ্ধে সাব্যস্ত এই প্ৰতিবাদ।
উচ্ছেদিত লোক সকলক পুনৰসংস্থাপন আৰু ক্ষতিপুৰনৰ দাবী।
উচ্ছেদিতক পুনৰ সংস্থাপনৰ নিদিলে পৰিস্থিতিৰ অধিক ভয়াৱহ কৰি তোলাৰ হুংকাৰ ধুবুৰীৰ বিধায়ক নজৰুল হকৰ।
অৱৰোধস্থলী উপস্থিত থাকে বিধায়ক বছিৰ আহমেদ, ছামছুল হুদা, কৰিমুদ্দিন বৰভূঞা, নিজানুৰ ৰহমান, ৰফিকুল ইছলাম, নজৰুল হক, আছৰাফুল হুছেইন।
লগকে পঢ়ক : Watch | Duliajan messive fire: দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড