Watch | Chapar eviction : চাপৰত উচ্ছেদিতই ভাঙি চুৰমাৰ কৰিলে দুখনকৈ বুলডজাৰ
চাপৰ: বিলাসীপাৰাৰ চাপৰত উত্তপ্ত পৰিস্থিতি। বিলাসীপাৰাৰ চাপৰত অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত পুৱাৰে পৰা চলিল প্ৰশাসনৰ বুলডজাৰ। উচ্ছেদস্থলীত পৰ্যাপ্ত নিৰাপত্তাৰক্ষীৰ মোতায়ন কৰা হৈছে। সন্তোষপুৰ,চৰুৱাবাখৰা আৰু চিৰাকুটা ১ম আৰু ২য় খণ্ডত ২ হাজাৰ পৰিয়ালক উচ্ছেদ কৰিবৰ বাবে নিৰ্দেশ। উচ্ছেদ অভিযানত গৃহহীন প্ৰায় ২০ হাজাৰকতৈ অধিক লোক।
উচ্ছেদিত পৰিয়ালৰ মাজত সম্প্ৰতি হাহাকাৰ পৰিস্থিতি চলি থকাৰ মাজতে চাপৰত অৱশেষত আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হল। উচ্ছেদিতই ভাঙি চুৰমাৰ কৰিলে দুখনকৈ বুডলোজাৰ। হাতে হাতে লাঠি লৈ ওলাই আহিল উচ্ছেদিতই। তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে আদানী গ্ৰুপক প্ৰদান কৰিব চাপৰৰ উক্ত ভুমি ।কিছুদিন পূৰ্বে ঘৰ খালি কৰিবৰ বাবে প্ৰশাসনে জাৰী কৰিছিল জাননী।জাননীৰ পিছতে স্থানান্তৰিত হৈছিল অধিকাংশ পৰিয়াল ।
লগতে পঢ়ক : Watch | Journalist protest in Dhemaji : সাংবাদিক মাধুৰ্য শইকীয়াক বৰ্বৰ আক্ৰমণৰ ঘটনাক ন্যায় বিচাৰি উত্তাল প্ৰতিবাদ ধেমাজিত