Local, Vocal, Global

চাপৰ চিকিৎসালয় কৰ্তৃপক্ষৰ এই অমানৱীয় কাণ্ড

চাপৰত এক অমানৱীয় চাঞ্চল্যকৰ ঘটনা । চিকিৎসালয় কৰ্তৃপক্ষৰ  এই অমানৱীয় কাণ্ড ।সাংবাদিকৰ ততপৰতাত অৱশেষত গা লৰিল কৰ্তৃপক্ষৰ ।

ধুবুৰী জিলাৰ চাপৰ থানাৰ  অন্তৰ্গত চাপৰ চিকিৎসালয়ৰ প্ৰৱেশ দ্বাৰত এজনী বিকাৰগ্ৰস্ত মহিলাই  অচেতন অৱস্থাত পৰি থকা ঘটনাই চাপৰত এক  চাঞ্চল্যময় পৰিবেশ সৃষ্টি কৰা পৰিলক্ষিত হয়  । ঘটনা সন্দৰ্ভত আমাৰ সাংবাদিকে চাপৰ ৰাজহ চক্ৰ বিষয়াক অৱগত কৰোৱাত চক্ৰ বিষয়াৰ লগতে চাপৰ থানাৰ ভাৰ প্ৰাপ্ত বিষয়াই ঘটনাস্থলীত উপস্থিত হয়  ।

ঘটনাস্থলীত উপস্থিত হৈ চক্ৰ বিষয়া শান্তনু গগৈয়ে  তাৎক্ষণিক ভাবে ৰোগাক্ৰান্ত অসহায়  মহিলা গৰাকীক উন্নত চিকিৎসাৰ যাবতীয় ব্যবস্থা হাতত লবলৈ চিকিৎসালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া দেখা যায় ।

 

এফালে চাপৰ চিকিৎসালয় কৰ্তৃপক্ষই মানৱতা ভুলন্ঠিত কৰিছে আৰু  আনফালে চাপৰ আৰক্ষী চকীৰ  ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলে প্ৰমাণ কৰি দেখুৱালে যে মানৱতা এতিয়াও  হেৰাই যোৱা নাই ।

 

উল্লেখ্য যে আৰক্ষী বিষয়া গৰাকীয়ে তাৎক্ষণিকভাবে  নিজৰ গাঠিৰ ধন খৰচ কৰি মানবতাৰ খাতিৰত ৰোগাক্ৰান্ত অসহায় মহিলা জনীক কাপোৰ কানি যোগান ধৰা বিযয়টোক  সচেতন মহল তথা দল সংগঠনে বিষয়া গৰাকীক ভূয়সী প্ৰশংসা কৰা পৰিলক্ষিত হয়।