Local, Vocal, Global

Chandrayaan-3: চন্দ্ৰৰ আৰু এখোজ কাষলৈ আগুৱালে বিক্ৰম লেণ্ডাৰ

নতুন দিল্লী, ১৮ আগষ্ট : এদিন পূৰ্বে প্ৰপালচন মডিউলৰ পৰা সফলতাৰে পৃথক হোৱাৰ পিছত শুকুৰবাৰে এটা গুৰুত্বপূৰ্ণ ডিবুষ্টিং প্ৰক্ৰিয়াৰ মাজেৰে চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰে অতি লেহেমীয়া গতিৰে চন্দ্ৰৰ একেবাৰে কাষৰ কক্ষপথত প্ৰৱেশ কৰিবলৈ সক্ষম হয় (Vikram lander underwent a crucial deboosting manoeuvre) ।

এই ডিবুষ্টিং প্ৰক্ৰিয়া(Deboosting manoeuvre)টো ভাৰতীয় সময় অনুসৰি বিয়লি প্ৰায় চাৰি বজাত নিৰ্ধাৰণ কৰা হৈছিল(Chandrayaan-3) ।

ইছৰ’ই এটা টুইটৰ জড়িয়তে কয় যে, “লেণ্ডাৰ মডিউল (Lander Module)ৰ স্বাস্থ্য একেবাৰে স্বাভাৱিক হৈ আছে (Lander Module health is normal) । লেণ্ডাৰ মডিউলটোৰ ডিবুষ্টিং অপাৰেচন সফলভাৱে কৰাৰ পাছত ইয়াৰ কক্ষপথ ১১৩ কিলোমিটাৰ x ১৫৭ কিলোমিটাৰলৈ হ্ৰাস পাইছিল । ইয়াৰ দ্বিতীয়টো ডিবুষ্টিং প্ৰক্ৰিয়া ২০২৩ চনৰ ২০ আগষ্টত ভাৰতীয় সময় অনুসৰি দিনৰ প্ৰায় ২ বজাত নিৰ্ধাৰণ কৰা হৈছে ।”

ডিবুষ্টিং হৈছে কক্ষপথত নিজকে স্থাপন কৰিবলৈ গতি লেহেমীয়া কৰা এটা প্ৰক্ৰিয়া, য’ত চন্দ্ৰৰ কক্ষপথৰ নিকটতম বিন্দু (Perilune) হৈছে ৩০ কিলোমিটাৰ আৰু দূৰৱৰ্তী বিন্দু (Apolune)হৈছে ১০০ কিলোমিটাৰ ।

বৃহস্পতিবাৰে প্ৰপালচন মডিউলৰ পৰা লেণ্ডাৰক সফলভাৱে পৃথক কৰাৰ কথা ঘোষণা কৰাৰ সময়তে ইছৰ’ৱে টুইটাৰত উল্লেখ কৰিছিল যে, ‘লেণ্ডাৰ মডিউল(Lander module)টোৱে কাইলৈ ভাৰতীয় সময় অনুসৰি দিনৰ প্ৰায় চাৰি বজাত নিৰ্ধাৰণ কৰা সময় অনুসৰি ডিবুষ্টিং প্ৰক্ৰিয়াৰ জড়িয়তে চন্দ্ৰৰ নিকতত্বম কক্ষপথত প্ৰৱেশ কৰিবলৈ সাজু হৈছে(Chandrayaan-3 Moon Mission) ।

লগতে পঢ়ক : Journalist shot dead in Bihar : ভাতৃ হত্যাৰ মূল সাক্ষী হোৱাৰ বাবে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে সাংবাদিকক