শীঘ্ৰেই দৰমহা বৃদ্ধি পাব চৰকাৰী কর্মচাৰীৰ

কেন্দ্ৰীয় চৰকাৰৰ কর্মচাৰীসকলৰ বাবে সুখবৰ। অতি শীঘ্ৰে বৃদ্ধি পাব কেন্দ্ৰীয় কর্মচাৰীৰ দৰমহা। ২০২০ ত কৰ’না ভাইৰাছৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কর্মচাৰীৰ মৰগীয়া বানছ বৃদ্ধি কৰা হোৱা নাছিল। জানুৱাৰী মাহৰ পৰাই চাৰি শতাংশ মৰগীয়া বানছ বৃদ্ধি পাব বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে ৷ বর্তমান কেন্দ্ৰীয় চৰকাৰৰ কর্মচাৰীৰ মৰগীয়া বানছ ১৭ শতাংশ হৈ আছে ৷ কৰ’না সৃষ্ট পৰিস্থিতিৰ বাবে ২০২১ৰ জুলাই পর্যন্ত ৪ শতাংশ মৰগীয়া বানছ বৃদ্ধিত স্থগিতাদেশ দিয়া হৈছিল যদিও শেহতীয়াকৈ আর্থিক স্থিতি আগৰ অৱস্থালৈ ঘূৰি অহাৰ ইংগিত পোৱাৰ পাছত জুলাইৰ বহু পূর্বেই মৰগীয়া বানছ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হ’ব পাৰে ৷ সপ্তম দৰমহা আয়োগৰ অনুমোদনৰ ভিত্তিত চাৰি শতাংশ মৰগীয়া বানছ বৃদ্ধি হ’লে উপকৃত হ’ব ৪৮ লাখ কেন্দ্ৰীয় চৰকাৰৰ কর্মচাৰী আৰু ৬৫.২৬ লাখ পেন্সনভোগী ৷ আনহাতে কেন্দ্ৰীয় চৰকাৰৰ কর্মচাৰীসকল কর্মৰত অৱস্থাত অক্ষম হৈ পৰিলে সেই অক্ষমতাৰ পাছতো কামত ৰখা হ’ব আৰু তেনে কর্মচাৰীয়ে ক্ষতিপূৰণো লাভ কৰিব ৷