Local, Vocal, Global

মঙ্গলদৈত বাঘৰ আতংক, আহত ৩জন

নিউজ ডেস্ক,২৫ মাৰ্চঃ মঙ্গলদৈ চহৰত বাঘৰ আতংক। মঙ্গলদৈৰ কৰিমচৌকাত তীব্ৰ আতংকই বিৰাজ কৰিছে। ইতিমধ্যে এগৰাকী বনকৰ্মীসহ দুজন আহত হৈছে বাঘৰ আক্ৰমণত।

টংকেশ্বৰ শৰ্মা নামৰ বনকৰ্মীজনৰ লগতে ৪৭ বছৰীয়া অনন্ত কেওট আৰু ১২ বছৰীয়া কিশোৰ আহত হয়। ঘটনাস্থলীত বনকৰ্মী আৰু মঙ্গলদৈ আৰক্ষী উপস্থিত হৈছে যদিও এতিয়ালৈকে বাঘটো ধৰিবলৈ সক্ষম হোৱা নাই।

তদুপৰি এতিয়ালৈকে বনবিভাগে বাঘ ধৰা বা ট্ৰেংকুলাইজ কৰা সামগ্ৰী আনিবলৈ সক্ষম হোৱা নাই। ইফালে স্থানীয় মানুহৰ মাজত হাহাকাৰৰ লগতে বাঘ চাবলৈ মানুহৰ ভিৰ হৈ পৰিছে সমগ্ৰ অঞ্চল।

বাঘটো ক’ৰ পৰা, কেনেকৈ আহিল এতিয়াও জানিব পৰা হোৱা নাই। ঘাটনাস্থলীত উপস্থিত হৈছে বিধায়ক বসন্ত দাস। দাসে চিকিৎসালয়ত উপস্থিত হৈ আহতসকলৰ খবৰ লোৱাৰ লগতে বাঘটো পিঞ্জৰাবদ্ধ নোহোৱা পৰ্যন্ত ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনায়।