প্ৰধানমনী মোডীক হত্যাৰ ভাবুকি
নিউজ ডেস্ক,১ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী মোডীক প্ৰাণে মৰাৰ ভাবুকি। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা(NIA)ৰ মুম্বাই শাখালৈ ই-মেইল প্ৰেৰণ কৰে অজ্ঞাত লোকে।
এই ভাবুকিৰ পিছতেই তৎপৰ হৈ পৰে দেশৰ নিৰাপত্তা ব্যৱস্থা। ইতিমধ্যে অজ্ঞাত লোকৰ IPADDRESS বিচাৰি অভিযান আৰম্ভ কৰে চাইবাৰ সুৰক্ষা সংস্থাই।
মেইলটোত উল্লেখ কৰা অনুসৰি, ২০ টা শ্লিপাৰ চেল মোডীক হত্যাৰ বাবে সাজু হৈ থকাৰ লগতে ২০ কিলোগ্ৰাম আৰডিএক্সেৰে প্ৰধানমন্ত্ৰীগৰাকীক হত্যা কৰা হ’ব ৷
কোনো অজ্ঞাত লোকে এই ভাবুকি সম্বলিত মেইল প্ৰেৰণ কৰা বুলি জানিবলৈ দিছে তদন্তকাৰী সংস্থাটোয়ে৷