Candidates file nominations in state for 2nd phase seats : আজি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন

নিউজ ডেস্ক,৪ এপ্ৰিল : আজি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন । আজি অন্তিমটো দিনত কেইবাগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ ।
আজি অন্তিমটো দিনত মনোনয়ন পত্ৰ দাখিল কৰিব নগাঁৱৰ বিজেপি প্রাৰ্থী সুৰেশ বৰাই। মুখ্যমন্ত্রীৰ উপস্থিতিত প্রাৰ্থীগৰাকীয়ে দাখিল কৰিব মনোনয়ন।
আজি দৰং-ওদালগুৰিত মনোনয়ন দিব বিজেপি প্রাৰ্থী দিলীপ শইকীয়াই। বিশাল ৰেলীৰে মনোনয়ন দাখিল কৰিব বিজেপি প্রাৰ্থীগৰাকীয়ে। দিলীপ শইকীয়াক মনোনয়ন দাখিলত সংগ দিব মুখ্যমন্ত্রী আৰু ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাই(Candidates file nominations in state for 2nd phase seats)।
ইফালে, কংগ্রেছৰো কেইবাগৰাকী প্রাৰ্থীয়ে আজি দাখিল কৰিব মনোনয়ন। কৰিমগঞ্জত হাফিজ ৰচিদ আহমদ চৌধুৰীয়ে দিব মনোনয়ন পত্র। শীৰ্ষ কংগ্রেছ নেতাৰ উপস্থিতিত মনোনয়ন দিব কংগ্রেছ নেতাগৰাকীয়ে।
আনহাতে নগাঁৱত আজি মনোনয়ন দাখিল কৰিব প্রদ্যুৎ বৰদলৈয়ে।
লগতে পঢ়ক : Massive Fire Breaks Out at Mangaldoi : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত চাৰিটাকৈ বাসগৃহ