Local, Vocal, Global

Campaign by Political Parties Ends Today : সন্ধিয়া ৫ বজাৰ লগে লগে অন্ত পৰিব তেলেংগানা নিৰ্বাচনী প্ৰচাৰ

নেশ্যনেল ডেস্ক, ২৮ নৱেম্বৰ : ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন । ইতিমধ্যে সমাপ্ত হৈছে ৪খন ৰাজ্যৰ নিৰ্বাচন । ৫খন ৰাজ্যৰ নিৰ্বাচন বাকী আছে তেলেংগানা বিধানসভা নিৰ্বাচনৰ । ৩০ নৱেম্বৰত ১১৯খন বিধানসভা আসনযুক্ত তেলেংগানাত অনুষ্ঠিত হ’ব ভোটদান । ইয়াৰ বাবে সাজু শাসক বিৰোধী( Campaign by political parties ends today at 5 PM, voting on November 30) ।

আজি অন্ত দিন তেলেংগানা বিধানসভা নিৰ্বাচন ২০২৩ৰ প্ৰচাৰৰ ।মঙলবাৰে সন্ধিয়া ৫ বজাত শেষ হ’ব নিৰ্বাচনী প্ৰচাৰ(Campaign by Political Parties Ends Today ) ।

উল্লেখ্য যে, এইবাৰ তেলেংগানা বিধানসভা নিৰ্বাচনক লৈ শাসক-বিৰোধীয়ে ৰাজ্যখনত তুংগত তুলিছে নিৰ্বাচনী প্ৰচাৰ ৷ শাসক বিৰোধীয়ে ৰাজ্যখনত জোৰদাৰ প্ৰচাৰ অভিযান চলাই । নিৰ্বাচনী প্ৰচাৰ সভাত এটাই দলে আক্ৰমন কৰিছে আন এটা দলক । যেন এক যুদ্ধাৰ ৰণক্ষেত্ৰ(Campaign by political parties ends today at 5 PM)।

ইফালে ২০১৪ চনত তেলেংগানা ৰাজ্য প্ৰতিষ্ঠাৰ পাচৰে পৰা ভাৰত ৰাষ্ট্ৰ সমিতি (পূৰ্বতে তেলেংগানা ৰাষ্ট্ৰ সমিতি) ক্ষমতাত আছে । ভাৰতীয় জনতা পাৰ্টি, কংগ্ৰেছ আৰু AIMIM-এ ৰাজ্যখনত নিজৰ ক্ষমতা স্থাপনৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও বিফল হৈছে(Campaigning For Telangana Polls Ends Today At 5 pm) ৷

এইবাৰ তেলেংগানাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিৰ্বাচনী ৰেলী তথা জনসভা সম্বোধন কৰি প্ৰচাৰ অভিযান চলাইছে (Telangana Assembly election 2023)।

সমান্তৰালভাৱে কংগ্ৰেছেও তেলেংগানা দখল কৰাৰ বাবে জোৰধাৰ প্ৰচাৰ চলোৱা দেখা গৈছে ৷ কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে তথা চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া ৰাজ্যখনত অবিৰতভাৱে ৰেলীৰ আয়োজন কৰিছে । প্ৰচাৰ অভিযানত কংগ্ৰেছে আক্ৰমণ কৰিচে মোদী চৰকাৰক ।

তেলেংগানা নিৰ্বাচনী প্ৰচাৰত পিছ পৰি ৰোৱা নাই সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন চমুকৈ AIMIM । পাৰ্টিৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়েও বিৰোধীক তীব্ৰ সমালোচনা কৰি আহিছে ।

লগতে পঢ়ক : 11 Israeli hostages released by Hamas on fourth day of truce : হামাছে মুকলি কৰি দিলে ১১ গৰাকী ইজৰাইলী বন্দীক ,বিনিময়ত ইজৰাইলে মুকলি কৰি দিলে ৩৩ গৰাকী পেলেষ্টাইনী বন্দীক