Local, Vocal, Global

Mother feed alcohol to stop baby crying : সন্তানক মাতৃয়ে খুৱাই দিলে মাদক দ্ৰব্য

ইন্টাৰনেশ্যনেল ডেস্ক, ৯আগষ্ট : প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত মাতৃৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। মাতৃয়ে এটি সন্তানক পৃথিৱীলৈ অনাই নহয় সন্তানটিক মাতৃয়ে শিক্ষক আৰু বন্ধু হৈ বহু কথাৰে জ্ঞান দিয়ে। মাতৃৰ ওচৰত সকলো সন্তানে নিৰাপত্তা অনুভৱ কৰে। এই মমতাময়ী মাতৃৰ ধাৰ কোনো কালেই পৰিশোধ কৰিব নোৱাৰে কোনোয়ে। মাতৃ মমতাৰ মূৰ্ত প্ৰতীক। কিন্তু সেয় মমতাময়ী মাতৃ যেতিয়া পাশৱিক হয় ! সেই মমতাময়ী মাকৰ বুকুত যেতিয়া দানৱীয় সত্বাই থিতাপি লয়,মাতৃ যদি নিদাৰুণ হয়,কোনে দিব সন্তানক নিৰাপত্তা(Mother feed alcohol to stop baby crying)।

সন্তানৰ লগত অনৈতিক কাম কৰোতে যেতিয়াই নকঁপে মাতৃৰ দুই হাত। এগৰাকীয়ে মাতৃয়ে নিজৰ কণমানী সন্তানক খুৱাই দিলে মদ (California Mother Fills Bottle With Alcohol To Stop Baby From Crying)।

মমতাময়ীৰ পাশৱিকতা ! এক অমানৱীয় কাণ্ড সংঘটিত হৈছে আমেৰিকাৰ কেলিফৰ্নিয়া চহৰত। আমেৰিকাৰ কেলিফৰ্নিয়া চহৰত এগৰাকী মাতৃয়ে নিজ সন্তানক খোৱাই দিলে মাদক দ্ৰব্য । শিশুটিয়ে কান্দি থকাৰ বাবে মাতৃয়ে এনে কাণ্ড সংঘটিত কৰিছে বুলি জানিব পৰা গৈছে(Mother in California fills bottle with alcohol to stop baby from crying) ।

এগৰাকী দানৱৰূপী মাতৃৰ এনে কৰ্ম-কাণ্ডই এতিয়াই সকলোৰে চকু কপালত তুলিছে ।

তথ্য় অনুসৰি, শিশুটিয়ে কান্দি আছিল আৰু সেয় সময়তে মাতৃয়ে শিশুটি মদ খুৱাই দিয়ে আৰু মদ্যপান কৰোৱাই মাতৃগৰাকীয়ে শিশুটিক হাস্পতাললৈ লৈ যায় ।চিকিৎসালত লৈ যোৱাৰ পিছত পোহৰলৈ আহে সমগ্ৰ ঘটনা আৰু এই সম্পৰ্কে আৰক্ষীক অৱগত কৰে চিকিৎসকে । আৰক্ষী উপস্থিত হৈ মাতৃগৰাকীক গ্ৰেপ্তাৰ কৰে ।

লছ এঞ্জেলেচ টাইমচৰ প্ৰতিবেদন অনুসৰি, শনিবাৰে কেলিফৰ্নিয়াৰ ছান্ড বাৰ্নাৰ্ডিনো কাউন্টিৰ ৩৭ বছৰীয়া এগৰাকী মাতৃক ৰিয়াল্টত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মাতৃগৰাকীয়ে নিজৰ শিশুটিক মদ্যপান কৰাই আৰু চিকিৎসালৈ লৈ যায়। চিকিৎসালয়ত চিকিৎসাৰ পিছত শিশুটিৰ দেহত সুৰাৰ উপস্থিতি ধৰা পৰে আৰু তাৰ পিছত আৰক্ষীয়ে পাষাণ মাতৃগৰাকীক গ্ৰেপ্তাৰ কৰে(California Mom Allegedly Filled New Baby Bottle With Alcohol To Make It Stop Crying)।

ছান বাৰ্নাৰ্ডিনো কাউন্টি শ্বেৰিফ বিভাগে জনোৱা অনুসৰি , মহিলাগৰাকীয়ে ৰিয়াল্ট’ৰ মাজেৰে গাড়ী চলাই গৈ থকা সময়ত কেঁচুৱাটিয়ে কান্দিবলৈ ধৰিছিল আৰু কেঁচুৱাটিৰ কান্দোন বন্ধ কৰাৰ মাতৃয়ে মদ্যপান কৰোৱাই দিছিল ।

লগতে পঢ়ক :CISF constable in honey trap: পুনৰ হানিট্ৰেপিঙৰ চাঞ্চল্যকৰ ঘটনা; হানিট্ৰেপিঙৰ বলি CISFৰ কনিষ্টবল