Local, Vocal, Global

যোৰহাটত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

নিউজ ডেস্ক, ১৪ জুলাই : ৰাজ্যৰ বিভিন্ন অঞ্চলত ক্ৰমাণ্বয়ে বৃদ্ধি পাইছে মানুহ আৰু বন্য জন্তুৰ মাজত সংঘটিত হোৱা সংঘাট।

বৃহস্পতিবাৰে অসমৰ যোৰহাট জিলাৰ মহবন্ধা চাহ বাগিচাত এটা পূৰ্ণবয়স্ক নাহৰফুটুকী বাঘক পিঞ্জৰাবদ্ধ কৰা হয়।

খবৰ অনুসৰি নাহৰফুটুকী বাঘটোৱে যোৱা কেইবাদিনো ধৰি অঞ্চলটোত সন্ত্ৰাস আৰু আতংকৰ সৃষ্টি কৰি আহিছিল। পৰৱৰ্তী সময়ত স্থানীয় লোকৰ অভিযোগ অনুসৰি নাহৰফুটুকী বাঘটোক যোৰহাট বন বিভাগে পিঞ্জৰাবদ্ধ কৰে।

স্থানীয় লোকসকলৰ মতে, তেওঁলোকৰ অধিক লোক চাহ বাগিচাৰ ভিতৰত আৰু ইয়াৰ চাৰিওফালে বিস্তীত হৈ আছে আৰু সেয়েহে যিমান সম্ভৱ সোনকালে নাহৰফুটুকীতো বন্দী কৰি বনাঞ্চলত এৰি দিয়াৰ প্ৰয়োজন।