Local, Vocal, Global

চৰকাৰী কৰ্মচাৰীক আক্ৰমণ কৰাত অভিযুক্তৰ ঘৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

নিউজ ডেক্স, ১৪ জুলাই : উত্তৰ প্ৰদেশত প্ৰশাসনৰ বুলড’জাৰৰ পিছত এইবাৰ অসমৰ দলগাঁৱৰ দুলীয়াপাৰাত অভিযুক্তৰ ঘৰত চলিল প্ৰশাসনৰ বুলড’জাৰ। চৰকাৰী কৰ্মচাৰীক প্ৰহাৰ কৰাৰ ফলত দলগাঁৱৰ দুলিয়াপাৰাত আজি দৰং প্ৰশাসনে চলালে উচ্ছেদ অভিযান ।

গাঁও খনত নুমলীগড় ৰিফাইনাৰীৰ নামত আৱন্টন হৈছিল ১ বিঘা ৪ কঠা ১৫ লেচা ভূমি । বুধবাৰে সেই ভূমি প্ৰশাসনে NRL কৰ্তৃপক্ষক স্থানান্তৰ কৰিব যোৱাত একাংশ দখলকাৰীয়ে প্ৰহাৰ কৰে ।

সমান্তৰালভাৱে লাট মণ্ডল জিতু চহৰীয়া আৰু NRL ৰ কৰ্মী সকলকো আক্ৰমণ কৰে।

চৰকাৰী বিষয়াক প্ৰহাৰ কৰা অভিযোগ জহৰ আলী, গফুৰ আলী, ৰফিকুল ইছলামৰ বিৰুদ্ধে অভিযুক্তৰ ঘৰত প্ৰশাসনেনে চলালে বুলড’জাৰ।