মহানগৰীৰ কেব চালকসকলে উত্থাপন কৰা দাবীৰ প্রতি পূর্ণ সমর্থন আগবঢ়াইছে অসম জাতীয় পৰিষদ দলে

মহানগৰীৰ কেব চালকসকলে উত্থাপন কৰা দাবীৰ প্রতি পূর্ণ সমর্থন আগবঢ়াইছে অসম জাতীয় পৰিষদ দলে৷ আজি এক বিজ্ঞপ্তিৰ জৰিয়তে দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে মহানগৰীত কেব চালক হিচাপে কাম কৰি জীৱন নির্বাহ কৰা যুৱকসকল মূলতঃ ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সন্তান৷ নিজকে খিলঞ্জীয়াৰ চৰকাৰ বুলি দাবী কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে উক্ত খিলঞ্জীয়া কেব চালকসকলৰ সমস্যাসমূহ সমাধান কৰি জাতিৰ প্রতি থকা দায়বদ্ধতা প্রমাণ কৰা উচিত৷ বিবৃতিটোত ভূঞাই কয় যে ক’ভিড অতিমাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ ফলত ৰাজ্যৰ যিকেইটা খণ্ডৰ লোক সর্বাধিক পৰিমাণে আর্থিক প্রত্যাহ্বানৰ সন্মুখীন হৈছে, তাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ কেব চালকসকল অন্যতম৷ বেংকৰ পৰা লোৱা ঋণেৰে গাড়ী কিনি অ’লা, উবেৰ, ৰেপিড’ আদি টেক্সি কোম্পানীৰ অধীনত ভাৰা মাৰি পৰিয়াল চলাই থকা এই কেব চালকসকলৰ সংখ্যা ৮ হাজাৰতকৈ অধিক৷ ক’ভিড অতিমাৰীৰ বাবে চৰকাৰে আৰোপ কৰা সান্ধ্য আইনৰ পৰিপ্রেক্ষিতত এই কেব চালকসকল নিবনুৱা হৈ পৰিছে ৷ কিন্তু যিহেতু তেওঁলোকে গাড়ীসমূহ বেংক বা বেচৰকাৰী বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ লৈ ক্রয় কৰিছিল, সেয়ে বর্তমানে ভাৰা মাৰিব নোৱাৰাৰ ফলত উক্ত ঋণৰ মাহিলি কিস্তি দিয়াটো তেওঁলোকৰ বাবে অসম্ভৱ হৈ পৰিছে৷