Local, Vocal, Global

অসমৰ মেধাৱী শিক্ষাৰ্থীসকল দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় সমূহত নামভৰ্তি কৰাক কেন্দ্ৰ কৰি একপ্ৰকাৰ চিন্তাৰ বিষয় হৈ পৰিছে

ক’ভিড মহামাৰীৰ ফলত এতিয়া শিক্ষাৰ্থীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।ইয়াৰ মাজতেই এতিয়া অসমৰ মেধাৱী শিক্ষাৰ্থীসকল দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় সমূহত নামভৰ্তি কৰাক কেন্দ্ৰ কৰি একপ্ৰকাৰ চিন্তাৰ বিষয় হৈ পৰিছে।
কাৰণ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজ সমূহত নামভৰ্তিৰ কাৰণে আবেদন পত্ৰ ১৫জুলাইৰ আশে-পাশে গ্ৰহণ কৰা হ’ব।প্ৰ-পত্ৰ গ্ৰহণ কৰাৰ ১৫দিনৰ পিছত আৰম্ভ হ’ব নামভৰ্তি প্ৰক্ৰিয়া।কিন্তু অসম চৰকাৰৰ গাইডলাইন অনুসৰি ৫ ছেপ্তেম্বৰৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা শেষ কৰিবলৈ সাজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ।
যদিহে ৫ছেপ্টেম্বৰৰ ভিতৰত ফলাফল ঘোষণা কৰে তেনেস্থলত অসমৰ মেধাৱী ছাত্ৰ-ছাত্ৰী সকল দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকাই দেখা দিছে।