Local, Vocal, Global

Bye-elections in Samaguri constituency : ৰাজ্যত উপ-নিৰ্বাচনৰ গৰম বতাহ;উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি নগাঁৱত প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি

নিউজ ডেস্ক,২০অক্টোবৰ : ৰাজ্যত উপ-নিৰ্বাচনৰ গৰম বতাহ । ৫ সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয়ে আৰম্ভ কৰিছে ৰাজনৈতিক কুচকাৱাজ।

অসমৰ পাঁচটা সমষ্টি ক্ৰমে বিহালী, চামগুৰি, ধলাই, ছিদলী আৰু বঙাইগাঁৱত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।

উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ মাজত শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ উদ্দেশ্যে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত নগাঁৱৰ জিলা আয়ুক্ত তথা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহে সমগ্র জিলাখনতে প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ।সমগ্ৰ জিলাখনতে নিৰ্বাচনী আদৰ্শ আচৰণ বিধি যোৱা ১৫ অক্টোবৰৰ পৰাই বলবৎ হৈছে(Bye-elections in Samaguri constituency)।

নিষেধাজ্ঞা অনুসৰি…

ৰাজনৈতিক দল বা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ দ্বাৰা জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগৰ বিষয়াৰ পূৰ্ব-অনুমতি অবিহনে নিৰ্বাচনী প্ৰচাৰ বা অন্যান্য কাৰ্যকলাপৰ উদ্দেশ্যে সমাগম, শোভাযাত্ৰা, ৰাজহুৱা সভা অনুষ্ঠিত কৰাতো নিষিদ্ধ কৰা হৈছে ।

কৰ্তৃপক্ষৰ পূৰ্ব-অনুমতি অবিহনে কোনো ৰাজহুৱা স্থানত ৫ জন বা তাতকৈ অধিক লোকৰ কোনো সমাৱেশ, যিকোনো মেলা বা মেলাৰ আয়োজন কৰাও নিষিদ্ধ কৰা হৈছে । পূৰ্ব অনুমতি লৈ চলোৱা যিকোনো নিৰ্বাচনী প্ৰচাৰ নিশা ১০ বজাৰ ভিতৰত সমাপ্ত হ’ব লাগিব ।

উচটনিমূলক, সাম্প্ৰদায়িক, ৰাষ্ট্ৰ বিৰোধী বা জাতীয়তা বিৰোধী ভাষণ বা শ্ল’গান, আপত্তিজনক তথা বিভিন্ন বৰ্ণ, ভাষিক বা ধৰ্মীয় গোট বা সম্প্ৰদায়ক আঘাত কৰিব পৰা বিষয়বস্তুৰে তৈয়াৰী বেনাৰ, পোষ্টাৰ বা দেৱাল-লিখন প্ৰদৰ্শনকে ধৰি অকৰ্তৃত্বশীল নিৰ্বাচনী কাৰ্যসূচীৰ বাবে বাহনৰ ব্যৱহাৰ, ব্যক্তি, দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা নগদ বা বস্তুগতভাৱে যিকোনো উদ্দেশ্যৰ বাবে অনুদান সংগ্ৰহ, আগ্নেয়াস্ত্ৰ, বিস্ফোৰক সামগ্ৰী বা অন্যান্য বিপজ্জনক অস্ত্ৰ কঢ়িয়াই নিয়াটো কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে ।

নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অনুজ্ঞাপত্ৰপ্ৰাপ্ত আগ্নেয়াস্ত্ৰ নিকটৱৰ্তী আৰক্ষী থানাত জমা কৰিবলৈও একেটা নিৰ্দেশনাতে জনোৱা হৈছে।

লগতে পঢ়ক :MoS Margherita attends Indonesian President’s swearing in ceremony: ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত পবিত্ৰ মাৰ্ঘেৰিটাই