Local, Vocal, Global

BTR ৰ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী কোঠা এৰি ৰাজপথত কৰিলে আন্দোলন

নিউজ ডেস্ক, ৫ মে:-গণিত শিক্ষক অবিহনেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা আৰম্ভ কৰি অন্যান্য পৰীক্ষাত অৱতীৰ্ণ হৈ আহিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল । বিষয়টো শিক্ষা বিভাগৰ উৰ্দ্ধতন কতৃপক্ষক অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব দিয়া নাই ।

চিৰাং জিলাৰ বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শ্ৰেণীকোঠা বৰ্জন কৰি গণিত শিক্ষক বিচাৰি আন্দোলনত নামিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰী ।

জানিব পৰা মতে, বিগত দুবছৰ ধৰি বিদ্যালয়ত নাই গণিত শিক্ষক। গণিত বিষয়ৰ শিক্ষক নথকাৰ বাবে বিদ্যালয়খনৰ বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ বাবে গণিত বিষয়ৰ শিক্ষক বিচাৰি হাতে হাতে প্লে’কাৰ্ড লৈ ছাত্ৰ-ছাত্ৰী সকলে শ্ৰেণীকোঠাৰ পৰা ওলাই আহি আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰিছে ।

বিগত বৰ্ষত গণিত বিষয়ৰ শিক্ষক অবিহনেই পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা হৈছে অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ।

নতুনকৈ গণিত বিষয়ৰ শিক্ষক নিযুক্তি নিদিয়ালৈকে শ্ৰেণী বৰ্জন আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰী সকলে ।

উল্লেখযোগ্য যে,দুবছৰ ধৰি গণিতৰ পদ খালি আছে,এই সন্দৰ্ভত বিগত দুবছৰ ধৰি ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি সংশ্লিষ্ট কতৃপক্ষক ধাৰাবাহিক জনোৱা হৈছে । কিন্তু এই সমস্যা সমাধান কৰিবলৈ কোনেও পদক্ষেপ গ্ৰহণ কৰা নাই বুলি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেবেন ৰায়ে জানিবলৈ দিয়ে ।

বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলৰ এই সমস্যা সমাধান কৰিবলৈ বিটিচি প্ৰধান প্ৰমোদ বড়োক কাতৰ আহ্বান জনায় ।