Local, Vocal, Global

মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণত বিসংগতি

নিউজ ডেস্ক ,৫ মে:- মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণত সংঘটিত হোৱা বিসংগতি তথা আসোঁৱাহৰ তথ্য পোহৰলৈ অহাৰ পিছতে দলঙৰ খুটাৰ পকী কাম বন্ধ ৰাখিছে বিভাগে । ইতিমধ্যে গুৱাহাটীৰ পৰা এটা বিশেষজ্ঞৰ দল আহিছে মাজুলীলৈ ।

ইউ পি ব্ৰিজ কন্সট্ৰাকশ্যন কোম্পানীটোয়ে নিৰ্মাণ কৰা বহু প্ৰত্যাশিত হেপাঁহৰ মাজুলী-যোৰহাট সংযোগী দলংৰ ৮ আৰু ১১ নম্বৰ খুঁটাৰ পাইলিংৰ জইনিঙত বালি আৰু চিমেন্টৰ মিহলোৱা পৰিমাণ তাৰতম্য ৰখাৰ বাবে বৃহৎ ফাঁক ধৰা পৰিছিল ।

কোম্পানীটোৰ অভিযন্তা তথা কৰ্মচাৰীসকলে বিসংগতিৰ কথা স্বীকাৰ কৰা ঘটনাই দলং নিৰ্মাণৰ নামত অদূৰ ভৱিষ্যতে মাজুলীবাসী বিপদৰ দিশে গতি কৰিছে ।

মাজুলী-যোৰহাট সংযোগী দলংৰ পুঁজিৰ পৰিমাণ ৬৫৩ কোটি টকা। এই দলং নিৰ্মাণৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

বহু আশাৰে মাজুলীবাসীয়ে বাট চাই আছে হেপাঁহৰ দলংখনলৈ,বৰ্তমান দহটা খুঁটা নিৰ্মাণৰ কাম চলি আছে ।

এই বিসংগতিয়ে চকু কপালত তুলিছে মাজুলীবাসীৰ । কালিলৈ বিশেষজ্ঞৰ দলে পৰীক্ষা কৰিব দলং নিৰ্মান কাৰ্য । প্ৰয়োজন সাপেক্ষত বিসংগতি ওলোৱা দুয়োটা খুটা ভাঙি পুনৰ নিৰ্মান কৰিব বুলিও উল্লেখ কৰে ।