বি এছ এফৰ অভিযানত আটক চোৰাং গৰু সৰবৰাহকাৰী

ভাৰত – বাংলাদেশ সীমান্তৰ ব্ৰহ্মপুত্ৰৰ নদীৰ মাজেদি বাংলাদেশলৈ গৰুৰ চোৰাং বেহা অব্যাহত থকাৰ মাজতে সীমান্তত পহৰাৰত বৰাইৰ আলগা আৰু শিশুমাৰা সীমান্ত চকীৰ ৬ বি এন বি এছ এফৰ অভিযানত ৫ টা গৰুসহ ৪ জন চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । এফালে ভৰপুৰ বানপানী আৰু আনফালে নিশা ধাৰাষাৰ বৰষুণৰ সুযোগত ধুৰন্ধৰ প্ৰকৃতিৰ একাংশ চোৰাং বেপাৰীয়ে বাংলাদেশলৈ চোৰাংকৈ গৰু চালান কৰিবলৈ চেষ্টা কৰা অৱস্থাত সীমান্তত পহৰাত নিয়োজিত ৬ বি এন বি এছ এফৰ শিশুমাৰা আৰু বৰাইৰ আলগা কেম্পৰ পহৰাৰত জোৱানে নিশা আটক কৰে ৫ টা গৰুসহ ৪ জন চোৰাং গৰু সৰবৰাহকাৰীক। আটক কৰা চোৰাং গৰু সৰবৰাহকাৰী চাৰিজন হল সুখচৰ থানাৰ অন্তৰ্গত সুখচৰ গাওঁৰ ইমদাদুল হক (২২), আকিদুৰ ইছলাম(২৬) ছোটহৰিপুৰ গাওঁৰ জাহাঙ্গীৰ আলী (২২)আৰু ডিগ্ৰীৰচৰৰ শ্বাহিদুৰ ইছলাম (২২)