Local, Vocal, Global

মহাৰাষ্ট্ৰৰ আকোলা জিলাৰ বাবা জী মহাৰাজ মন্দিৰৰ সন্মুখত গছ বাগৰি মৃত্যু ৭ জন লোকৰ…

ডিজিটেল ডেস্ক:- দেওবাৰে সন্ধিয়া মহাৰাষ্ট্ৰৰ আকোলা জিলাত ধুমুহাৰ তাণ্ডৱ।ধুমুহাৰ ফলত তচনচ ঘৰ দুৱাৰ। মহাৰাষ্ট্ৰৰ আকোলা জিলাত ধুমুহাৰ ফলত বহুলোকে প্ৰাণ হেৰুৱাই।

জানিব পৰা মতে,দেওবাৰে সন্ধিয়াই বাবা জী মহাৰাজ মন্দিৰৰ সন্মুখত মহাৰতিৰ পিছত প্ৰসাদৰ বিতৰণ আৰম্ভ হৈছিল। আৰু সেই সময়তে প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত এজোপা ডাঙৰ নিম গছ বাগৰি পৰে।সেই নিম জোপাৰ তলতে বহুতো ভক্ত থিয় হৈ আছিল।যাৰ ফলত গছ জোপাৰ তলত সোমাই পৰে বহু লোক।

তথ্য অনুসৰি, গছজোপা বাগৰি পৰাৰ ফলত ইয়াৰ তলত ৩৫ ৰ পৰা ৪০ জন ভক্ত আৱদ্ধ হৈ পৰে। দুৰ্ঘটনাটোৰ ফলত ৪ জন লোক থিতাতে নিহত হয় আৰু চিকিৎসাধীন অৱস্থাত ৩ জন লোকৰ মৃত্যু হয়।
আৰু ২৯ জন লোক আহত হয়।ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীলৈ উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আৰু আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰায়।

আৰক্ষীয়ে জনোৱা অনুসৰি, ৩৫ ৰ পৰা ৪০ জন লোকক শ্বেডৰ তলত সমাধিস্থ কৰা হৈছিল আৰু ৭ জনে প্ৰাণ হেৰুৱাইছিল।আন পাঁচজনক আকোলা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল য’ত তেওঁলোকৰ চিকিৎসা চলি আছে।কৰ্তৃপক্ষই ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে জৰুৰীকালীন সেৱাসমূহ উদ্ধাৰ কাৰ্য্যৰ বাবে প্ৰেৰণ কৰে আনহাতে জেচিবিৰে গছৰ গুৰি উঠাই নিবলৈ অনা হয়।

মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে ঘটনাক লৈ শোক প্ৰকাশ কৰে আৰু কয় যে একনাথ সিন্দে নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে নিহত সকলৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিব।”আকোলা জিলাৰ পাৰাছত এক ধৰ্মীয় অনুষ্ঠানৰ বাবে কিছু লোক সমবেত হোৱাৰ সময়ত টিনত গছ বাগৰি পৰাৰ ফলত ভক্তৰ মৃত্যু হোৱাটো বেদনাদায়ক। লগতে তেওঁ কয়, “আহতসকলৰ কিছুমানক জিলা সাধাৰণ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু সামান্য আঘাতপ্ৰাপ্ত লোকসকলক বালাপুৰত চিকিৎসায়লৈ প্ৰেৰণ কৰা হৈছে।” “মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।”