মণিপুৰত ৫ কোটি টকাতকৈও অধিক মূল্যৰ ব্ৰাউন চুগাৰ জব্দ
নিউজ ডেস্ক, ১৮ আগষ্ট : মণিপুৰ আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত ৫ কোটি টকাতকৈও অধিক মূল্যৰ ব্ৰাউন চুগাৰৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ কৰিছে।
বাতৰি অনুসৰি, চোৰাং ব্যৱসায়ীজনক আন্তঃৰাষ্ট্ৰীয় বজাৰত ৫.২৫ কোটি টকাৰ অধিক মূল্যৰ ২.৬২৫ কিলোগ্ৰাম ব্ৰাউন চুগাৰৰ সৈতে টেংনুপাল (Tengnoupal) জিলাত গ্ৰেপ্তাৰ কৰিছিল।
গ্ৰেপ্তাৰ কৰা লোকজনক মণিপুৰৰ চুৰাচান্দপুৰ (Churachandpur) জিলাৰ লেনমিনপাও (Lenminpao) (৩৫) বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে, ৰাজ্যিক আৰক্ষী আৰু অসম ৰাইফলছৰ সৈনিকসকলৰ যুটীয়া অভিযানৰ সময়ত আটক কৰা হৈছিল।
মোৰেহৰ পৰা আহি থকা এখন বাহনৰ পৰা উদ্ধাৰ কৰা হৈছিল ড্ৰাগছখিনি।