Local, Vocal, Global

Ganja Seized in Tripura : ত্ৰিপুৰাত বিএছএফ আৰু কাষ্টম বিভাগৰ সফল অভিযান; জব্দ ১৫০ কেজি গাঞ্জা

নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰী : পুনৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত জব্দ বুজন পৰিমাণৰ গাঞ্জা(Ganja Seized in Tripura) । বিএছএফ আৰু কাষ্টম বিভাগৰ যৌথ অভিযানত জব্দ বুজন পৰিমাণৰ গাঞ্জা(Tripura seized 150 Kgs of ganja ) ।

জানিব পৰা মতে, বুধবাৰে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বিএছএফ আৰু কাষ্টম বিভাগে যৌথ অভিযান চলাই । যৌথ অভিযানত পশ্চিম ত্ৰিপুৰা জিলাৰ পৰা জব্দ কৰে ১৫০ কেজি গাঞ্জা। বিএছএফৰ ত্ৰিপুৰা ফ্ৰন্টিয়াৰৰ ১১৯ নম্বৰ বেটেলিয়ন আৰু আগৰতলা কাষ্টম বিভাগৰ যৌথ অভিযানত জব্দ কৰে গাঞ্জাখিনি( Over 150 Kgs of marijuana seized )।

বিএছএফৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি , গোপন তথ্যৰ ভিত্তিত বাংলাদেশ সীমান্তৰ ৰাণী বজাৰ এলেকাৰ ললিত বজাৰৰ ঘন জংঘলত অভিযান চলাই জব্দ কৰা হয় গাঞ্জাখিনি। ললিত বজাৰ এলেকাৰ জংঘলত লুকুৱাই থোৱা অৱস্থাত গাঞ্জা খিনি জব্দ কৰা হয়।

গোপনে বাংলাদেশলৈ সৰবৰাহৰ বাবে গাঞ্জাখিনি লুকুৱাই ৰখা হৈছিল বুলি সন্দেহ কৰা হৈছে। জব্দ কৰা গাঞ্জা খিনিৰ মূল্য প্ৰায় ২২ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।

লগতে পঢ়ক : Drugs worth around Rs 31 cr seized : পুনৰ চুবুৰীয়া ৰাজ্য মিজোৰামত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সা-সামগ্ৰী আৰু নিচাযুক্ত টেবলেট