Local, Vocal, Global

চৰকাৰৰ অবহেলা………ৰাইজৰ বাবে দলং নিৰ্মাণ NGOৰ

বেচৰকাৰী সংস্থাই নিৰ্মাণ কৰিলে বাঁহৰ দলং। ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ অধীনস্থ খনাকৃষ্ণপুৰত দীৰ্ঘদিনীয়া এক সমস্যাৰ সমাধান হয়। বানত জুৰুলা হোৱা খনাকৃষ্ণপুৰত বৰদলনি পঞ্চায়ত  আৰু বেচৰকাৰী সংস্থা ইন্দো গ্লোবেল চ’ছাইটিৰ সহযোগত নিৰ্মাণ কৰি উলিয়ালে এই দলংখন । দলংখনৰ শুভাৰম্ভণী অনুষ্ঠানটিত উপস্থিত থাকে ধেমাজি জিলাৰ জিলা পৰিষদৰ সভাপতি মোহন গগৈ, ইণ্ডো গ্লোবেল চ’ছাইটিৰ প্ৰকল্প বিষয়া ৰাজেন শইকীয়া ,বৰদলনি পঞ্চায়তৰ  সভাপতি  গোবিন চুতিয়া ।