ভাৰতীয় পেনোৰামাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত ‘ব্ৰীজ’
৫১সংখ্যক ভাৰতীয় পেনোৰামাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখালৈ ভাৰতীয় ছবিৰূপে নিৰ্বাচিত হৈছে অসমীয়া চলচ্চিত্ৰ ‘ব্ৰীজ’।
কৃপাল কলিতা পৰিচালিত চিনেমা ‘ব্রীজ’ৰ পূৰ্বে এই সন্মান লাভ কৰিছিল ৰীমা দাসৰ ‘ভিলেইজ ৰকষ্টাৰ্ছ’ আৰু ড° সান্ত্বনা বৰদলৈৰ ‘অদাহ্য’।
শেহতীয়াকৈ গ’ল্ডেন জুৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো সামাজিক বিষয়ৰ শ্ৰেষ্ঠ চিনেমাৰ সন্মান লাভ কৰিছিল অসমীয়া চিনেমাখনে।
বিশ্বৰ ১৬খনকৈ অধিক চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হোৱা ব্ৰীজ চিনেমাখনৰ শেহতীয়াকৈ প্ৰিমিয়াৰ হৈছিল অকলেণ্ড চলচ্চিত্ৰ মহোৎসৱত।
ভাৰতীয় পেন’ৰামাত অসমীয়া চলচ্চিত্ৰ ‘ব্ৰীজ’ৰ সৈতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত হোৱা আন চিনেমা দুখন হ’ল তামিল চিনেমা ‘ঠেন’ আৰু ছট্টিশগড়ৰ চিনেমা ‘এ ডগ এণ্ড হিজ মেন’।