ক্ৰীড়াৰ পৃথিৱীত জাতি, ধৰ্ম, বৰ্ণৰ বৈষম্য নাই, নথকাই সকলোৰে কাম্য। আনহাতে ভদ্ৰ লোকৰ খেল ক্ৰিকেট। ভাৰতবৰ্ষৰ দৰে দেশত বহু সময়ত ক্ৰিকেটেই হৈ পৰে ধৰ্ম সদৃশো। কিন্তু এই ভাৰততে এনে এখন ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে য’ত কেৱল ব্ৰাহ্মণ সম্প্ৰদায়ৰ খেলুৱৈহে অংশগ্ৰহণ কৰিব পাৰিব। হায়দৰাবাদত অনুষ্ঠিত কৰা হৈছে কেৱল ব্ৰাহ্মণৰ এই ক্ৰিকেট প্ৰতিযোগিতা। ক্ৰিকেট প্ৰতিযোগিতাখনৰ প্ৰচাৰৰ বাবে প্ৰকাশ কৰা এখন পোষ্টাৰত খেলুৱৈসকলক তেওঁলোকৰ পৰিচয় পত্ৰ আনিবলৈ কোৱা হৈছে। একেখন পোষ্টাৰতে লিখা হৈছে ‘প্ৰতিগৰাকী খেলুৱৈৱে নিজৰ পৰিচয় পত্ৰ লৈ অহাটো বাধ্যতামূলক। আৰু আন কোনো সম্প্ৰদায়ৰ খেলুৱৈক খেলিবলৈ দিয়া নহ’ব। ২৫, ২৬ ডিচেম্বৰত আয়োজিত এই প্ৰতিযোগিতাখনক স্থানীয় নিকায়েও অনুমতি দিয়া বুলি জানিব পৰা গৈছে। যিসময়ত জাত-পাতৰ নামত দেশজুৰি বিদ্বেষপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে সেই সময়ত এনে সাম্প্ৰদায়িক ক্ৰিকেট প্ৰতিযোগিতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰতিবছৰে এই কেৱল ব্ৰাহ্মণৰ ক্ৰিকেট প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ আহিছে বুলিও প্ৰকাশ পাইছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা কেৱল ব্ৰাহ্মণৰ ক্ৰিকেট প্ৰতিযোগিতাখনৰ পোষ্টাৰক লৈ সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়াৰ। মানস শৰ্মা, মাই নিউজ এন ই।