Local, Vocal, Global

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন উপ-সভাপতি বিৰেন্দ্ৰ কুমাৰ গগৈ মৃত্যু

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন উপ-সভাপতি বিৰেন্দ্ৰ কুমাৰ গগৈ মৃত্যু। বৃহস্পতিবাৰে নিশা ৮৫ বছৰ বয়সত দেহাৱসান বিৰেন্দ্ৰ কুমাৰ গগৈৰ। ৰাজ্যিক বিজেপিৰ সাংগঠনিক ভেটি দূৰ্বল হৈ থকাৰ সময়ত তেতিয়াৰ সভাপতি ৰমেন ডেকাই কষ্টৰে সমগ্ৰ অসমত বিজেপি দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত সৱল ভূমিকা গ্ৰহণ কৰিছিল৷

মৰাণ ঊষাপুৰৰ নিবাসী, মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বামুণবাৰী জুনিয়ৰ কলেজৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত অধ্যক্ষ, কনকলতা জুনিয়ৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ, শিক্ষাবিদ, বুৰঞ্জীবিদ, সমাজকৰ্মী ক্ৰীয়া-সংগঠক বিৰেন্দ্ৰ কুমাৰ গগৈৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ মৰাণ।