Local, Vocal, Global

Parliament monsoon session : স্থগিত ৰাজ্যসভাৰ বৰ্ষাকালীন অধিৱেশনৰ কাম-কাজ

নেশ্যনেল ডেস্ক, ২৪জুলাই : আজি সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ তৃতীয়টো দিন(Parliament monsoon session)। পুৱা ১১ বজাৰ লগে লগে আৰম্ভ হ’ল সদনৰ কাৰ্যক্ৰম । তৃতীয়টো দিনাও দেখা গ’ল সদনৰ উত্তাল পৰিৱেশ । আজি পুনৰ স্থগিত হ’ল ৰাজ্যসভাৰ বৰ্ষাকালীন সদনৰ কাম-কাজ (Both Houses adjourned till 2 pm as ruckus continues over Manipur violence) ৷

বিগত দুটা দিনটো মণিপুৰৰ ঘটনাক লৈ সদন উত্তাল হৈ আছিল আৰু মণিপুৰৰ ঘটনাক লৈ বিৰোধী দলসমূহৰ সাংসদসকলে হুলস্থূল অব্যাহত ৰখাৰ বাবে অধিৱেশনৰ দ্বিতীয় দিনা লোকসভা দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হৈছিল আৰু তাৰ পাছত সোমবাৰলৈ স্থগিত কৰা হৈছিল । ৰাজ্যসভাৰ ক্ষেত্ৰতো একেই পৰিৱেশ দেখা গৈছিল । ৰাজ্যসভাও দুপৰীয়া ২:৩০ বজালৈ আৰু তাৰ পাছত সোমবাৰলৈ স্থগিত ৰখা হৈছিল(Parliament monsoon session)

আজি পুনৰ মণিপুৰৰ ঘটনাক লৈ দুয়োখন সদন উত্তপ্ত হৈ পৰে । সদন উত্তাল হৈ পৰা লগে লগে অধ্যক্ষ জগদীপ ধনখৰ আৰু তৃণমূলৰ সাংসদ অ’ব্ৰেইনৰ মাজত বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পিচতে সভা স্থগিত ৰখাৰ সিদ্ধান্ত লয় ৷

উল্লেখ্য যে, বিৰোধীয়ে মণিপুৰৰ ঘটনা সন্দৰ্ভত বিতৰ্ক কৰি আহিছিল সদনত ৷ কিন্তু পৰিস্থিতি পুনৰ অধিক উত্তপ্ত হৈ পৰাৰ পিচতে সদনৰ কাম-কাজ স্থগিত ৰখা হয় ৷ ইয়াৰ পূৰ্বে শুকুৰবাৰে দুয়োখন সদনৰ কাম-কাজ স্থগিত ৰখা হৈছিল কাৰণ মণিপুৰৰ হিংসাক লৈ তীব্ৰ প্ৰতিবাদ অব্যাহত(Both Houses adjourned till 2 pm as ruckus continues over Manipur violence) ।

বিৰোধী দলৰ সদস্যসকলৰ তীব্ৰ প্ৰতিবাদ কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে, মণিপুৰৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই । আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰতিবাদকাৰী সদনৰ সদস্যসকল মণিপুৰ বিষয়টোত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে ।

উল্লেখ যোগ্য যে, সংসদৰ বৰ্ষাকালীন অধিৱেশন ২০ জুলাইৰ পৰা আৰম্ভ হৈছিল আৰু ১১ আগষ্টত সমাপ্ত হ’ব । এই অধিৱেশনত, কেন্দ্ৰীয় চৰকাৰে দিল্লী সেৱা অধ্যাদেশকে ধৰি ৩১ খন বিধেয়ক গৃহীত কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : Cop shoots wife then died by suicide : পত্নী আৰু ভতিজাকক গুলীয়াই হত্যা আৰক্ষী বিষয়াৰ , নিজেও কৰিলে আত্মহত্যা