Website Design: dastechnologies.in
বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ চৌটাকীত বৃহস্পতিবাৰে এটি অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হয় অৰ্ধগলিত মৃতদেহটো। আনহাতে উদ্ধাৰ হোৱা মৃতদেহটোৰ ডিঙিত স্পষ্ট হৈ ৰোৱা ৰছীৰ বান্ধলৈ লক্ষ্য কৰি কোনো দুৰ্বৃত্তই লোকজনক হত্যা কৰি তাত পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে। উল্লেখ্য যে মৃতদেহটোৰ বাঁওহাতত শিৱৰ টাটু কৰা আছে। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃতদেহটো বঙাইগাঁৱত চিনাক্তকৰণৰ বাবে ৭২ ঘন্টা মৰ্গত ৰখা হ’ব। মৃতদেহটো কোনোবা গাড়ী চালকৰ বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷