Watch | Bongaigaon Anganwadi Centre Corruption: কোকিলা অংগনৱাড়ী কেন্দ্ৰত শিশু সকলৰ খাদ্য সামগ্ৰীত অনিয়মৰ অভিযোগ

কোকিলা : বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ৮২ নং কোকিলা অংগনৱাড়ী কেন্দ্ৰত শিশু সকলৰ খাদ্য সামগ্ৰীত অনিয়মৰ অভিযোগ উত্থাপন হৈছে ।
শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে সমাজ কল্যাণ বিভাগে যোগান ধৰা খাদ্য সামগ্ৰী বিতৰণৰ নামত অংগনৱাড়ী কৰ্মী ৰাহেলা বেগমে আৰু ৰান্ধনী গৰাকীয়ে অনিয়ম সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।
শিশুৰ বাবে আবন্টন দিয়া খাদ্য সামগ্ৰী কমকৈ বিতৰণ কৰাৰ পিছত অভিভাৱক সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অংগনৱাড়ী কৰ্মী ৰাহেলা বেগমে দীৰ্ঘদিন ধৰি শিশু খাদ্য বিতৰনত অনিয়ম সংঘটিত কৰি খাদ্য সমুহ আত্মহাৎ কৰি থকাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। এইক্ষেত্ৰত স্থানীয় ৰাইজে কৰ্মী দুগৰাকীক প্ৰশ্ন উত্থাপন কৰিলে কৰ্মী দুইজনীয়ে দুৰ্ব্যৱহাৰ কৰে।
শিশু আৰু গৰ্ভৱতী মহিলাৰ খাদ্য সামগ্ৰী আত্মহাৎ কৰা কৰ্মীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে অভিভাৱক আৰু স্থানীয় ৰাইজে।
লগতে পঢ়ক: Watch | Barpeta news: চেঙাত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু