বঙাইগাঁৱৰ শাৰদীয় দুৰ্গোৎসৱত মুকলি জুৱা

বঙাইগাঁৱৰ শাৰদীয় দুৰ্গোৎসৱত মুকলি জুৱা
বঙাইগাঁও সদৰ থানাৰ অধীনৰ চাপৰাকাটা আঞ্চলিক সাৰ্বজনীন দুৰ্গাপূজাত চলি আছে “চেৰেকী” জুৱা
প্ৰায় কুৰিৰো অধিক এই জুৱাত অংশ লৈছে কেবা শতাধিক লোকে
এনেদৰে এলেকাটোত মুকলি জুৱা অনুষ্ঠিত কৰাত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যদিও নিৰাপত্তাৰ স্বাৰ্থত কেমেৰাৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচৰা নাই একাংশ সচেতন নাগৰিকে
একেদৰে সম্পূৰ্ণ কভিদ প্ৰটকল ভংগ কৰি মুকলি জুৱা চলি থকাত তথা আৰক্ষী প্ৰশাসনৰ ভূমিকাত ক্ষুন্ন হৈছে এই সকল নাগৰিকে
উল্লেখ্য যে পূজাস্থলীত এফালে জুৱা আনফালে নাগৰা নাম চলি আছে