Local, Vocal, Global

দিল্লী পাব্লিক স্কুলত বোমাতংক !

ডিজিটেল ডেস্ক:- দিল্লী পাব্লিক স্কুলত বোমাতংক। বুধবাৰে পুৱা দিল্লীৰ মথুৰা ৰোডত থকা ডি পি এছত এটা বোমা থকাৰ খবৰ পোৱাৰ পিছতে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহন। গোটেই স্কুলখনকে খালী কৰা হৈছে।বিদ্যালয়খনত বোমা ৰখাৰ তথ্য ই-মেইলৰ জৰিয়তে খবৰ পোৱা গৈছিল।তথ্য পোৱাৰ পিছতে চৌহদত আতংকময়ৰ পৰিৱেশৰ সৃষ্টি হয় আৰু অভিভাৱকসকলে তেওঁলোকৰ ল’ৰা-ছোৱালীক বিদ্যালয়ৰ চৌহদৰ পৰা বাহিৰ লৈ যাবলৈ বিদ্যালয়লৈ দৌৰি যায়।
দিল্লী আৰক্ষীৰ বোমা স্কোৱাডৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বোমাৰ সন্ধান আৰম্ভ কৰে। অৱশ্যে বিদ্যালয়খনত কোনো ধৰণৰ বোমা উদ্ধাৰ নহ’ল।আৰক্ষীৰ মতে কোনো দুষ্ট চক্ৰই আতংক বিয়পাবলৈ এই ভুৱা খবৰ দিছিল। উল্লেখ্য যে বিদ্যালয়খনৰ ফালৰ পৰা পুৱা প্ৰায় ৮.১০ বজাত ১০০ নম্বৰত ফোন কৰি এই খবৰ দিছিল আৰক্ষীক।মন কৰিবলগীয়া যে, কেইদিনমানৰ পূৰ্বে দিল্লীৰ ছাদিক নগৰত অৱস্থিত এখন বিদ্যালয়লৈ ভাবুকি ভৰা ইমেইল প্ৰেৰণ কৰিছিল। তাৰ পাছতে বিদ্যালয়খন খালী কৰা হৈছিল।সেই ভাবুকি ভৰা ইমেইলতো বিদ্যালয়খনত বোমা থকাৰ কথা কোৱা হৈছিল। অৱশ্যে পৰৱৰ্তী সময়ত বিদ্যালয়ত কোনো বোমা বিচাৰি নাপালে।