Local, Vocal, Global

চুদানৰ পৰা ২৭৮ জনতকৈও অধিক আৱদ্ধ ভাৰতীয়ক স্থানান্তৰ…

ডিজিটেল ডেস্কঃ- চুদানৰ ৰাজধানী খাৰ্তুমকে ধৰি দেশখনৰ অন্যান্য প্ৰান্তত পুনৰ আৰম্ভ হৈছে সংঘৰ্ষ। যোৱা ২৪ ঘণ্টাত যুদ্ধ ভূমিলৈ পৰিণত হোৱা দেশখনৰ পৰা ৫৫০ জনতকৈ অধিক ভাৰতীয়ক চুদানৰ পৰা চৌদি আৰৱৰ জেদ্দালৈ স্থানান্তৰ কৰা হৈছে।জানিব পৰা মতে এতিয়ালৈকে মুঠ ৩ টা পৰ্যায়ত ৫৬১ গৰাকী ভাৰতীয়ক চুদানৰ পৰা জেদ্দালৈস্থানান্তৰ কৰা হৈছে। দেশখনত ৪০০০ তকৈও অধিক ভাৰতীয়ই বাস কৰি আছে।বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এই সন্দৰ্ভত কয় যে, ‘অপাৰেচন কাবেৰী’ৰ অধীনত ২৭৮ জন ভাৰতীয়ক নৌ সেনাৰ জাহাজ আই এন এছ সুমেধাৰ জৰিয়তে প্ৰথমটো গোটত চুদান বন্দৰৰ পৰা চৌদি আৰৱৰ জেদ্দালৈ স্থানান্তৰ কৰা হৈছিল। ইয়াৰ পিছত, ভাৰতীয় বায়ু সেনাৰ চি-130জে বিমানে ১৪৮ আৰু ১৩৫ জন ভাৰতীয়ক জেদ্দালৈ স্থানান্তৰ কৰে। তেওঁলোকক সোনকালেই বিমানেৰে ভাৰতলৈ লৈ যোৱা হ’ব।
টুইটাৰযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে লিখে, “আৱদ্ধ ভাৰতীয়সকলৰ প্ৰথম দলটোৱে #OperationKaveri অধীনত চুদান ত্যাগ কৰে। ২৭৮ জন লোকৰ সৈতে আইএনএছ সুমেধা বন্দৰ চুদানৰ পৰা জেদ্দালৈ ৰাওনা হৈছে।”তেওঁ লগতে কয়, “আইএনএছ টেগে #OperationKaveri যোগদান কৰে। অতিৰিক্ত বিষয়া আৰু আৱদ্ধ ভাৰতীয়সকলৰ বাবে অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী লৈ পোৰ্ট চুদানত উপস্থিত হয়। পোৰ্ট চুদানৰ দূতাবাস শিবিৰ কাৰ্যালয়ৰ দ্বাৰা চলি থকা স্থানান্তৰ প্ৰচেষ্টা বৃদ্ধি কৰিব।”ইফালে, কৰ্তৃপক্ষই জেদ্দাত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে যাতে স্থানান্তৰৰ প্ৰচেষ্টাত সহায় হয়।

উল্লেখ্য যোৱা ১৫ এপ্ৰিলৰ পৰা চুদানত সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ মাজত যুদ্ধ আৰম্ভ হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এতিয়ালৈকে এই সংঘৰ্ষত ৪৫৯ জন লোক আৰু সৈনিকৰ মৃত্যু হৈছে। প্ৰায় ৪,০৭২ জন লোক আহত হৈছে।গৃহ যুদ্ধত জৰ্জৰিত দেশখনত ঘোষণা কৰা ৭২ ঘণ্টীয়া যুদ্ধবিৰতি ২৭ এপ্ৰিলৰ ১২ বজালৈকে অব্যাহত থকাৰ কথা আছিল যদিও পুনৰ যুদ্ধ আৰম্ভ হৈছে। যুদ্ধ বিৰতিৰ এই ৭২ ঘণ্টাত বিদেশী লোকসকলক সেই দেশৰ পৰা স্থানান্তৰ কৰাৰ বাবে সুযোগ প্ৰদান কৰা হৈছে।