Local, Vocal, Global

তিনিচুকীয়া মাকুমত বোমাতংক !উদ্ধাৰ ১ কেজি ওজনৰ আই ই ডি…

ডিজিটেল ডেস্ক:- তিনিচুকীয়া মাকুমত বোমাতংক। বুধবাৰে পুৱা মাকুম বাইপাছত উৰণীয়া সেতুত তলত উদ্ধাৰ বিস্ফোৰক।প্ৰায় ১কেজি ওজনৰ আই ই ডি উদ্ধাৰ কৰিছে সেনাই। খবৰ পোৱাৰ পিছতে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহন প্ৰায় ১ কিলোমিটাৰৰো অধিক দূৰত্বত ৰখা হৈছে সকলোকে। সমগ্ৰ অঞ্চলটো ঘেৰি ৰাখিছে সেনাই।

আৰক্ষীক কাষলৈ যাবলৈ দিয়া হোৱা নাছিল। তিনিচুকীয়া জিলাৰ মাকুমত পুৱাতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷মাকুম বাইপাছৰ উৰণীয়া সেঁতুৰ ওপৰত সেনাই উদ্ধাৰ কৰে বোমটো পথাৰৰ মাজত বিস্ফোৰণ ঘটালে আই ই ডি খিনি।কোনে এই আই ই ডি খিনি উৰণীয়া সেতুৰ তলত ৰাখিছিল সেই বিষয়ে এতিয়াও কোনো তথ্য লাভ কৰা নাই।উক্ত স্থানত উপস্থিত হয় তিনিচুকীয়া আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ।সেনা ,আৰক্ষীয়ে অব্যাহত ৰাকিছে তদন্ত।