Local, Vocal, Global

ড্ৰাগছ অভিযোগত বলীউদৰ অভিনেত্ৰীক গ্ৰেপ্তাৰ

পুনৰ বলীউদত ড্ৰাগছ চক্ৰৰ ৰহস্য উদ্ধাৰ নাৰক’টিক্স কন্ট্ৰ’ল ব্যুৰো ৰ(NCB )। NCB এ এই সংক্ৰান্তত ২৪ জনক গ্ৰেপ্তাৰ কৰিছে। দেওবাৰে ড্ৰাগছ চক্ৰৰ সৈতে সম্পর্ক থকাৰ বাবে গ্ৰেপ্তাৰ কৰে টিভি চিৰিয়েলৰ এগৰাকী অভিনেত্ৰী প্ৰীতিকা চৌহানক। প্ৰীতিকা এগৰাকী টিভি অভিনেত্ৰী হিচাপে জনপ্ৰিয়। সংকট মোচন মহাৱলী হনুমান চি আই ডি, মা বৈষ্ণোদেৱী, সাবধান ইণ্ডিয়া চিৰিয়েলত অভিনয় কৰিছিল প্ৰীতিকাই৷ ২০০৫ চনত অভিনয়ৰ জৰিয়তে জীৱন আৰম্ভ কৰিছিল হিমাচল প্ৰদেশৰ বাসিন্দা প্ৰীতিকাই।

ANI কয় যে মুম্বাই জ’নেল ইউনিটৰ এটা দলে ৯৯ গ্ৰাম গাঞ্জাসহ দুগৰাকীক আটক কৰিছে। আটক হোৱা দুগৰাকীৰ ভিতৰত হৈছে ফেইজল আৰু টিভি অভিনেত্ৰী প্ৰীতিকা চৌহান। দুয়োগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতলৈ প্ৰেৰণ কৰা হয়।

বলীউড ড্ৰাগছ সম্পর্কত বহু কেইগৰাকী তাৰকা ইতিমধ্যে জেৰাৰ সন্মুখীন হ’বলগীয়া হৈছে। তাৰ ভিতৰত দীপিকা পাডুকন, শ্ৰদ্ধা কাপুৰ, ছাৰা আলী খান, ৰাকুল প্ৰীত সিং আদি অন্যতম।