Local, Vocal, Global

আজি বিজয় দশমী

আজি বিজয় দশমী। শাৰদীয় দুর্গোৎসৱৰ আজি শেষ দিন৷ অশ্ৰুসিক্ত নয়নেৰে বিদায় দেৱী দুর্গাক। এক দুঃসময়ৰ মাজত এইবাৰ পালন শাৰদীয় দুর্গোৎসৱ৷ ক’ভিড-১৯ মহামাৰীৰ বাবে সামাজিক দূৰত্ব মানি পালন কৰিলে দুর্গা পূজা৷আজি মহানগৰীৰ লগতে বিভিন্ন ঘাটত চলিছে দেৱী বিসর্জন। প্ৰশাসনৰ নির্দেশনা অনুসৰি চলিছে বিসর্জন প্ৰক্ৰিয়া। গুৱাহাটী মহানগৰীৰো ৩ টা ঘাটত চলিছে বিসর্জন৷ পাণ্ড, কাছমাৰী ঘাট আৰু নুনমাটি ঘাটত বিসর্জন প্ৰক্ৰিয়া৷ ক’ভিড মহামাৰীৰ বাবে বিভিন্ন নীতি-নিয়ম বান্ধি দিছে চৰকাৰে। পূর্বতকৈ সুকীয়া বিসর্জন স্থলীৰ পৰিৱেশসমূহ।