Local, Vocal, Global

Photoshoot কৰি বিপদত বলীউদৰ অভিনেতা ৰণবীৰ সিং

নিউজ ডেক্স,২৬ জুলাই : নগ্ন ফটোক লৈ ট্ৰ’লৰ সন্মুখীন হৈছে ৰণবীৰ সিং। নগ্ন Photoshoot কৰাৰ বাবে অভিনেতাজনৰ বিৰুদ্ধে মুম্বাইৰ চেম্বুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। ৰণবীৰৰ গ্ৰেপ্তাৰৰ দাবী কৰিছে একাংশই।

NGO চলোৱা ললিত শ্যামে ৰণবীৰ সিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। তেওঁৰ দাবী , টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ পৰা ৰণবীৰৰ নগ্ন ফটো আঁতৰোৱা হওক। আজি পুৱা ৰণবীৰৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

NGO ৰ ফালৰ পৰা FIR দাখিল কৰা অধিবক্তাই কয় যে , ভাৰতীয় দণ্ডবিধি আইনৰ ২৯২ ধাৰাৰ অধীনত ৫ বছৰ আৰু ২৯৩ ধাৰাৰ অধীনত ৩ বছৰৰ শাস্তিৰ ব্যৱস্থা আছে। আনহাতে, আইটি এক্ট ৬৭ (এ)ৰ অধীনত ৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি হ’ব পাৰে ৰণবীৰৰ।

উল্লেখ্য় যে , এখন Magazine ৰ বাবে নগ্ন Photoshoot কৰাইছিল ৰণবীৰে। ফটোটো share কৰাৰ লগে লগে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ফটোটো। যাৰ ফলত তীব্ৰ ট্ৰ’লৰ সন্মুখীন হৈছিল বলীউদ তাৰকাজন।