Local, Vocal, Global

কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিউজ ডেক্স ,২৬ জুলাই : নেচেনেল হেৰাল্ড গোচৰত আজি পুনৰ ছোনিয়া গান্ধীক জেৰা কৰিব ED এ । ছোনিয়া গান্ধীক ED ৰ চমৰ বিৰোধিতাৰে দিল্লীৰ বিজয় চ’কত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ নেতা–কৰ্মীয়ে আজি দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ মাজতে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ সৈতে ৰাহুল গান্ধীক আটক কৰে।

সংসদ ভৱনৰ পৰা প্ৰতিবাদ কৰি আগবাঢ়ি যাওঁতে আটক কৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক। আৰক্ষীয়ে আটক কৰিবলৈ অহাৰ সময়তে মাতৃৰ বিৰুদ্ধে EDৰ চমনৰ বিৰোধিতা কৰি ৰাহুল গান্ধীয়ে ৰাস্তাত বহি পৰে। । ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে তেওঁক আটক কৰে।

এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয় যে, ‘মই কাৰোলৈ ভয় নকৰো। আমাৰ মুখ বন্ধ কৰা হৈছে।’আমাৰ কণ্ঠৰুদ্ধ কৰিব বিচাৰিছে। আমি ভয় নকৰো। আমি যুঁজি যাম।

ৰাহুল গান্ধীয়ে কয় যে, “ভাৰত এখন আৰক্ষী ৰাজ্য… মোদী এজন ৰজা,”।

উল্লেখ্য় যে, ছোনিয়া গান্ধীৰ বিৰুদ্ধে ED ৰ চমনৰ বিৰোধিতা কৰি মূল্যবৃদ্ধি আৰু GST ৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ত প্ৰতিবাদ কৰাৰ সময়ত কংগ্ৰেছ নেতাজনক আৰক্ষীয়ে আটক কৰে আন সাংসদসকলৰ সৈতে তেওঁক বাছত ৰাখে।